নাজিৰাত সাংস্কৃতিক জগতৰ নৱ সংযোজন বৰদৈচিলা কলাকেন্দ্ৰ নামৰে উন্মোচন থলুৱা নৃত্য বাদ্যৰ এখন বিদ্যালয় । নাজিৰাৰ সাংস্কৃতিক জগতত শেহতীয়াকৈ সংযোগ হ'ল এটা সাংস্কৃতিক অনুষ্ঠানৰ। নাজিৰাৰ অন্যতম সাংস্কৃতিক কৰ্মী তথা ৰাজ্যখনৰ চিনাকী একালৰ বিহুৱতী মিনাক্ষী কোঁৱৰ দত্তৰ প্ৰচেষ্টাত নাজিৰা নগৰত আজি মুকলি কৰা হয় থলুৱা নৃত্য বাদ্যৰ এখন বিদ্যালয় বৰদৈচিলা কলাকেন্দ্ৰ। বিশিষ্ট সামাজিক কৰ্মী গোপাল বৰুৱাৰ সভাপতিত্বত নাজিৰা কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কমপ্লেক্সত আয়োজিত দ্বাৰ মুকলি অনুষ্ঠানত বৰ্ষীয়ান পেপুঁৱা বুবুল গগৈ,বিশিষ্ট সাংস্কৃতিক কৰ্মী ফিৰোজ কোঁৱৰ, প্ৰাক্তন বিহুৱতী মিনা বড়া, মনোজ দত্ত উপস্থিত থাকে। 

ইয়াৰ পূৰ্বে বিদ্যালয়ৰ দ্বাৰ মুকলি কৰে নাজিৰা শিমলুগুৰি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অজয় লাল বৰুৱাই। এগছি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ উত্তৰোত্তৰ কামনা কৰে জ্যোতি বৰগোহাঁইয়ে। 

ছাত্ৰ ছাত্ৰীৰ লগতে জ্যেষ্ঠ সকলৰ বাবেও মুকলি ৰখা বিদ্যালয় খনত বিহু,টাই আহোম, বড়ো, তিৱা, নেপালী আদি জনগোষ্ঠীয় নৃত্যৰ লগতে ঢোল, পেঁপা, নাগাৰা, খোল আদি লোকবাদ্যৰো পাঠ্যক্ৰম সন্নিৱিষ্ট কৰা হৈছে। বিদ্যালয় খনে শিৱসাগৰ জিলাৰ সাংস্কৃতিক উত্তৰণত বিশেষ উদ্যোগ লবলৈ সক্ষম হব বুলি আশা কৰা হৈছে।