আজি শ্বহীদ দিৱস, অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্বহীদ দিৱস উদযাপন কৰাৰ সমান্তৰালকৈ ৰহা সমজিলা প্ৰশাসন ৰ উদ্যোগত ৰহা ক্ৰীড়া সন্থাৰ খেলপথাৰ ত অনুষ্ঠিত হোবা শ্বহীদ দিৱস উপলক্ষে দিনৰ ১০বজাৰ ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে বীৰ শ্বহীদ সকলৰ স্মৃতি ত বন্তি প্ৰজ্বলন আৰু পূষ্পাঞ্জলী অৰ্পন কৰাৰ লগতে উপস্থিত সকলোৱে পূষ্পাঞ্জলী অৰ্পন কৰি বীৰ শ্বহীদ সকলক স্মৰণ কৰে।

     অসম সংগীত পৰিবেশনেৰে আৰম্ভ হোবা শ্বহীদ দিৱস ত অসম মাতৃ ৰক্ষা হেতু প্ৰাণৰ আহুতি দিয়া অসম আন্দোলনৰ ৮৬০বীৰ শ্বহীদ সকলক স্মৰণ কৰি সুধাকন্ঠ ড° ভূপেন হাজৰিকা দেৱৰ কালজয়ী গীত শ্বহীদ প্ৰনামো তোমাক সমবেত কন্ঠে পৰিবেশন কৰিলে ৪সহ্ৰাধিক লোক আৰু বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় ৰ ছাত্ৰ ছাত্ৰীয়ে।লগতে শ্বহীদ দিৱস উপলক্ষে অসম আন্দোলন সময়ত প্ৰতিনিধিত্ব কৰা ৰহা ১৯গৰাকী ব্যক্তিক ৰহা সমজিলা প্ৰশাসনে এখন এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই।

   ৰহা সমজিলা আয়ুক্ত ড° অংকিতা বৰাৰ আদৰনি ভাষন আৰু ৰুবুল কুমাৰ দাসে আঁত ধৰা শ্বহীদ দিৱসত নিদিষ্ট বক্তাৰ ভাষন ৰহা মহাবিদ্যালয় ৰ প্ৰবক্তা মৃনাল শৰ্মাই দিয়াৰ লগতে দিৱস উপলক্ষে নগাঁও জিলা বিজেপি উপ সভাপতি সুবৰ্ন সিং,ৰহাৰ প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাস, ৰহা ৰাজহ চক্ৰ বিষয়া সুপ্ৰভা ৰয়,ৰহা পৌৰসভা উপ পৌৰপতি অনিমা দাস, সমাজকৰ্মী মৃদুল হাজৰিকা,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা,ৰহা মহাবিদ্যালয় ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহা সহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰ প্ৰতিনিধি সহ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় ৰ শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰী আৰু বিজেপি বিভিন্ন মণ্ডল ৰ সভাপতি আৰু গনমান্য ব্যক্তি উপস্থিত থাকে।