চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ।চক্ৰৰ অন্তৰ্গত মৰাণ অইল ইণ্ডিয়াৰ প্ৰেক্ষাগৃহত বৃহত্তৰ মৰাণ বাসীৰ উদ্যোগত অইলইণ্ডিয়া ক্লাবৰ সহযোগত তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে সদৌ অসম ভাওনা সমাৰোহ। কাৰ্য্যসূচী।অনুসৰি।পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু দুপৰীয়া অস্থায়ী নামঘৰত নাম প্ৰসংগ অনুষ্ঠিত হৈছে। এই সমাৰোহত অসমৰ আগশাৰীৰ পাচতা ভাওনা দলে ভাওনা প্ৰদৰ্শন কৰিব।