সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি স্বাহ নাৱাজ হুছেইনক আক্ৰমণ কৰাৰ তীব্ৰ বিৰোধীতাৰে কলাইগাওত সংবাদ মেল ওদালগুৰি জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ।

যোৱা কালি বিলাসীপাৰা মহকুমা ন্যায়িক দণ্ডাধিস আদালতৰ সন্মুখত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি অধিবক্তা স্বাহ নাৱাজ হুছেইনক এটি তিনিজনীয়া দুৰ্বৃত্তৰ দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে। দিনৰ প্ৰায় ১১-৩০ মান বজাত আদালত চৌহদৰ পৰা ঘৰলৈ বুলি ওলোৱা পথতে আক্ৰমণ কাৰীৰ দলটোৱে সভাপতি জনক চোকা অস্ত্ৰৰে হত্যা কৰাৰ প্ৰচেষ্টা চলায়। এই আক্ৰমণত সভাপতি হুছেইন গুৰুতৰভাৱে আহত হয়। গুৰুতৰভাৱে আহত স্বাহ নাৱাজ হুছেইনক প্ৰথমে ধুবুৰী চিলাৰায় নাৰ্চিহোমত লৈ যায় যদিও পিছলৈ অবস্থা সংকটজনক বুলি গম পাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ লৈ অহা হয়। সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে তাৎক্ষণিক ভাৱে দুৰ্বৃত্তক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়। সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হ'ক আৰু কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক চহিদ আলী আহমেদে ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰিবলৈ সময়সীমা বান্ধি দিয়ে ধুবুৰী প্ৰসাশনক। 

আজি ওদালগুৰি জিলা গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিষয়ববীয়া সকলে কলাইগাওৰ কায্যালয়ত এখন সংবাদ মেল আয়োজন কৰি দোষিক অতি শীঘ্ৰে কৰায়ত্ত কৰি দোষিত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ তথা আৰক্ষী প্ৰসাশনক সকিয়াই দিয়ে।অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ।