ৰঙা ঘৰৰ আলহী হল সোণাৰিৰ এ জে ৱাই চি পিৰ নেতা
সোণাৰিত নাবালিকাক নিৰ্যাতন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাৰ।নিজৰ আত্মীয়ৰ এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী হল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সোণাৰি আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক চাজু বৰা।ঘটনাৰ সন্দৰ্ভত সোণাৰি আৰক্ষীয়ে ১৯৩/২২ নম্বৰত এক গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ ৩৫৪(এ),আৰ ডব্লিউ ছেকচন ৮ পক'শ্ব আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি যুৱ ছাত্ৰ নেতা চাজু বৰাক জেললৈ নিক্ষেপ কৰিছে।ঘটনাটোৱে সমগ্ৰ সোণাৰিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।