দেশে স্বাধীনতা লাভৰ ৭৫বছৰ পিছতো কোনোধৰণৰ উন্নয়নৰ প্ৰভাৱ নপৰিল ঢকুৱাখনা সমষ্টিৰ ভেটতলী অঞ্চলত।

কি খৰালি ,কি বাৰিষা এখন তুলঙা নাওৰেই একমাত্ৰ যাতায়তৰ ভৰসা ভেটতলীবাসীৰ।

বিধায়ক তথা শাসকীয় চৰকাৰৰ কৃপা দৃষ্টি নপৰা এই ঠাইত এইদৰে বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজে কঢ়া নদীৰ বুকুৰে টুলুঙা নাওৰ বিপদ সংকুলভাৱে পাৰাপাৰ হব লাগে গাঁঠি ধন ভাঙি।ফলত এতিয়া স্কুলীয়া শিক্ষাৰ্থীকে ধৰি সৰ্বসাধাৰণ ৰাইজে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিব লগীয়া হৈছে।

অতি সোনকালে দলং এখন ঠিক কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে।