চুকাফাৰ মৈদাম দখলকাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল দুৰ্নীতি বিৰোধী যুবশক্তি অসমৰ সভাপতি ধৰ্মকান্ত গগৈৰ

চৰাইদেউ জিলাৰ এঙেৰাৰ বাকু পুখুৰী হাবিগাঁওস্থিত চাওলুং চুকাফাৰ মৈদামটিৰ লগতে চৰাইদেউ দেওশাল বেদখল কৰা সকলৰ বিৰুদ্ধে কালি দুর্নীতি বিৰোধী যুৱশক্তি, অসমৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈয়ে স্থানীয় মথুৰাপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। উল্লেখযোগ্য যে, কালি সন্ধিয়া দাখিল কৰা এজাহাৰ খনত গগৈয়ে এইবুলি অভিযোগ কৰিছে যে, বাকু পুখুৰী হাবি গ্রান্ট নিবাসী অজিত বৰুৱা, লাবন্য বৰুৱা আৰু টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত জামুগুৰি গাঁৱৰ নিবাসী দেবেন সন্দিকৈয়ে বাকু পুখুৰী হাবি গ্ৰান্টত অবস্থিত চাওলুং চ্যুকাফাৰ মৈদাম আৰু চৰাইদেউ দেওশাল বে-দখল কৰি উক্ত ভূমি সমূহ তেওঁলোকৰ বুলি কৈ তাৰপৰা মাটি খান্দি, গছ- গছনি কাটি ক্ষতি সাধন কৰি আহিছে। উক্ত লোক কেইজনে সংশ্লিষ্ট স্থানত কোনো ব্যক্তি পূজা- অৰ্চনা কৰিবলৈ গলে দা-লাঠি লৈ খেদি আহে বুলি এজাহাৰখনত গগৈয়ে অভিযোগ কৰিছে। সমান্তৰাল ভাৱে যোৱা ২ ডিচেম্বৰৰ দিনা চুকাফা দিবস উদ্‌যাপন কৰিবলৈ উক্ত স্থানলৈ অহা গগৈক উক্ত স্থানত প্ৰৱেশ কৰিব লোৱা অৱস্থাত লোক কেইগৰাকীয়ে তেওঁক প্ৰবেশত বাধা প্ৰদান কৰি মাৰি-কাটি শেষ কৰি দিম বুলি ভীতি প্রদর্শন কৰে বুলি গগৈয়ে এজাহাৰ খনত উল্লেখ কৰিছে। গোচৰীয়া লখিমপুৰ জিলাৰ লোক হোৱাৰ বাবে এজাহাৰ দাখিলত পলম হোৱা বুলি গগৈয়ে এজাহাৰ খনত উল্লেখ কৰি উক্ত ঘটনাৰ পৰিপ্ৰেক্ষিতত বিহিত ব্যৱস্থা লবলৈ এজাহাৰ খনত উল্লেখ কৰিছে। সম্প্ৰতি মথুৰাপুৰ আৰক্ষীয়ে এই এজাহাৰ দাখিলৰ পাছতে এক গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।