সোনাৰি উন্নয়ন খণ্ডত পি এম ৱাই গৃহ আবণ্টন নিৰ্মাণত অনিয়ম। 

সোনাৰি উন্নয়ন খণ্ডত পি এম ৱাই গৃহ আবণ্টন নিৰ্মাণত অনিয়ম।

চৰাইদেউ জিলাৰ সোণাৰি উন্নয়ন খণ্ডত পি এম ৱাই গৃহ আবণ্টন নিৰ্মাণত অনিয়ম কৰাৰ গুৰুত্বৰ অভিযোগ।চফ্ৰাই আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদঃচফ্ৰাই গাওঁ পঞ্চায়ত আৰু অভয়পুৰ গাওঁ পঞ্চায়তত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত গাওঁ পঞ্চায়তৰ সভাপতি আৰু সদস্য সকলে অনিয়ম কৰাৰ গুৰুত্বৰ অভিযোগ তোলে প্ৰতিবাদী ৰাইজে। এইসন্দৰ্ভত আজি ভোক্তভূগী ৰাইজে সোনাৰি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়ত পঞ্চায়তত চলি থকা অনিয়মৰ বিষয়ে অৱগত কৰে।খণ্ড উন্নয়ন বিষয়া ৰেণু দেউৰীক ঘেৰাঁও।

 শেহতীয়াকৈ পঞ্চায়তটোৰ অধীনস্থ বিভিন্ন ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱণ্টন লাভ কৰা হিতাধিকাৰীৰ নামৰ তালিকা প্রকাশ পাইছে যদিও উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া গৰাকীৰ লগতে পঞ্চায়তটোৰ বৰ্গতি, সম্পাদক আৰু ৱাৰ্ড সদস্যসকলে উক্ত তালিকাৰ পৰা একাংশ হিতাধিকাৰীৰ নাম কর্তন কৰাৰ অভিযোগ উঠিছে। যাৰ ফলত পঞ্চায়তটোৰ বহু সংখ্যক প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ বিপৰীতে নিজৰ পছন্দৰ অৰ্থিকভাৱে সৱল ব্যক্তিকো চৰকাৰী গৃহ আৱণ্টন দিয়াৰ তথ্য আছে চফ্ৰাই আঞ্চলিক ছাত্ৰ সন্থাৰ উচৰত।

  সেয়ে এই সন্দৰ্ভত আজি চফ্ৰাই আঞ্চলিক ছাত্ৰ সন্থাই জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰৰ দ্বাৰা অৱগত কৰাৰ লগতে এক উচিত তদন্ত কৰি ইয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই । আৰু উচিত তদন্তৰ জৰিয়তে আগন্তুক ১৫ দিনৰ ভিতৰত দোষী ব্যক্তিক শাস্তি প্ৰদান কৰাৰো দাবী জনাই ৷ ইয়াৰ অন্যথা চফ্রাই আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত এক গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব।