অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰনী নেতা, মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক লোকপ্ৰিয় গোপীনাথ বৰদলৈক বিশ্বনাথতো আজি সশ্ৰদ্ধ স্মৰণ কৰা হয়। বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্য মৃত্যু তিথিত আয়োজিত 'লোক কল্যাণ দিৱস'টি আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।
বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সন্মিলন কক্ষত অনুষ্ঠিত এই লোক কল্যাণ দিৱসত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই ।
অসম সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক নবীন সিং, বৰ্ষীয়ান লেখিকা ধনদা কলিতা, বিশিষ্ট কবি জমিৰ আহমেদ, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, প্ৰমুখ্যে উপস্থিত বিশিষ্ট ব্যক্তিসকলে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ জীৱন আৰু কৃতী সম্পৰ্কে নাতিদীৰ্ঘ ভাষন প্ৰদান কৰে। অনুষ্ঠানত শেহতীয়াকৈ অসম চৰকাৰৰে অৰাজপত্ৰিত কৰ্মচাৰীলৈ আগবঢ়োৱা 'লোক কল্যাণ পুৰষ্কাৰ' লাভ কৰা বিশ্বনাথ জিলাৰ দুগৰাকী কৰ্মচাৰীকো পুৰষ্কৃত কৰা হয়।
বঁটা লাভ কৰা বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক দেবী নয়নি ভৰালী আৰু আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক আইমনি হাজৰিকাক আজিৰ অনুষ্ঠানত নগদ পঁচিশ হাজাৰ টকা, এখন মানপত্ৰ আৰু এবছৰ চাকৰি কাল বৃদ্ধিৰে পুৰষ্কৃত কৰা হয়।