পাথৰিঘাটত সাহিত্য সংস্কৃতিৰ পূজাৰী প্ৰয়াত পদ্ম কুমাৰ দাসৰ শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ উন্মোচনী অনুষ্ঠান সম্পন্ন। 

পশ্চিম দৰঙৰ বিশিষ্ট সমাজসেৱী, সাহিত্য সংস্কৃতিৰ পূজাৰী অৱসৰী কৃতি প্ৰধান শিক্ষক পদ্মকুমাৰ দাসৰ সোঁৱৰণী সভা আৰু শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ উন্মোচনী অনুষ্ঠান খনি ওঠৰ ডিচেম্বৰত প্ৰয়াত দাসৰ বাস গৃহত অনুষ্ঠিত হৈ যায়। নান্দনিক সাহিত্য চ'ৰা আৰু পথৰু সমন্বয় গোষ্ঠীৰ যৌথ উদ্যোগত আয়োজিত শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানখন সঞ্চালনা কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, সাহিত্যিক সৎৰাম ডেকাই। নান্দনিক সাহিত্য চ'ৰাৰ সম্পাদক কমলা কান্ত ডেকাই আঁতধৰা সভাত প্ৰয়াত পদ্ম কুমাৰ দাসৰ বহুমুখি প্ৰতিভাৰ ভিন্ন বিষয় সন্নিবিষ্ট শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ খনি উন্মোচন কৰে সু সাহিত্যিক ডা: ৰমা কান্ত বৰাই। অনুষ্ঠানত স্মাৰক বক্তৃতা প্ৰদান কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন পত্ৰিকা সম্পাদক ড: ৰাম চন্দ্ৰ ডেকাই।