বিধায়ক নৱ কুমাৰ দলেৰ সমষ্টিত খহনীয়া আৰম্ভ ৷ সন্মিলিত গণশক্তি অসম দলৰ ঢকুৱাখনা ব্লক সমিতিৰ উদ্যোগত পূব ঢকুৱাখনা পঞ্চায়তৰ অন্তৰ্গত বিমলাকান্ত দলে ক্ষেত্ৰৰ প্ৰাঙ্গণত অনুষ্ঠিত সন্মিলিত গণশক্তি দলৰ এক সভাত আনুষ্ঠানিক সদস্য ভৰ্ত্তি অনুষ্ঠান ৷ জিলা এম এম কেৰ যুটীয়া সম্পাদক অমৃত দলেয়ে আঁত ধৰা সদস্য ভৰ্ত্তি অনুষ্ঠানটো প্ৰকিত মিলিৰ সভাপতিত্বত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী ৷ অনুষ্ঠানটো উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ আগবঢ়ায় মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ সন্মানীয় অধ্যক্ষ তথা সন্মিলিত গণশক্তি অসম কেন্দ্ৰীয় কমিটিৰ কাৰ্যকৰী সভাপতি সুনীল কুমাৰ পেগুয়ে ৷ ১১২ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ কাম কাজত অসন্তোষ প্ৰকাশ কৰিয়েই শাসক বিজেপি দলৰ মেডিয়া কোষৰ আহ্বায়ক সহ কংগ্ৰেছ, বিজেপিৰ শতাধিকে যোগ দিলে গণশক্তিত। এক আনুষ্ঠানিক দলীয় সভাত এই সকল কৰ্মীয়ে বিজেপিক প্ৰত্যাহ্বান জনাই ঢকুৱাখনাত গণশক্তিৰ ব্যাপক তৎপৰতা দেখা গ'ল ৷ গণশক্তি অসম দলত যোগদান কৰা পাছতেই সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ কাম কাজত অসন্তোষ প্ৰকাশ কৰিছে একাংশ কৰ্মীয়ে । আগন্তুক দিনত বিজেপিৰ আৰু বহু সক্ৰিয় কৰ্মীৰ দল ত্যাগ কৰি গণশক্তি দলত যোগদান কৰা কথা উল্লেখ কৰিছে । ইপিনে বিজেপি দলৰ মেডিয়া কোষৰ আহ্বায়ক ঘণ কুলিৰ লগতে দলটোৰ বহুকেইজন সক্ৰীয় সদস্যৰ যোগদানে প্ৰমাণ কৰিলে যে নৱ দলেৰ বিজেপি ভোটবেংক ঢকুৱাখনাত আগন্তুক নিৰ্বাচনত আঘাত সনাটো প্ৰায় নিশ্চিত। আনহাতে গণশক্তি দলে কেতিয়াও বিজেপিৰ মিত্ৰতাৰ পৰা আঁতৰি নাহে বুলিও ৰহস্যজনক মন্তব্য কৰে যদিও নৱ দলেৰ প্ৰতি যে গণশক্তিৰ সহযোগ নাই সেই কথাও স্পষ্টভাবে উল্লেখ কৰি আৰম্ভ হৈছে যোগদান প্ৰক্ৰিয়া। অনুষ্ঠানত ঢকুৱাখনাৰ জিলা পৰিষদ সদস্য ইন্দ্ৰ চুংক্ৰাং, গণশক্তি দলৰ সাধাৰণ সম্পাদক ৰাজু খনিকৰ লগতে উপস্থিত থাকে ক্ষীৰোদ পেগু, মলেশ দলে, ৰাজিৱ দলে, মোহন পেগু, সন্মিলিত গণশক্তি অসম ঢকুৱাখনা ব্লক কমিটিৰ উপদেষ্টা লক্ষ্যনাথ দলে হেমচন্দ্ৰ পেগু আৰু কেইবাগৰাকী সন্মানীয় কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থকি নতুনকৈ যোগদান কৰা প্ৰতিজন সদস্যকে একোখনকৈ মিচিং মাফলাৰে দললৈ আদৰণি জনায়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
কামৰূপৰ নহিৰা নোৱাহাট পাৰাত বিশেষ স্বাস্থ্য শিবিৰ অনুস্থিত
ৰামপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত তথা জিলা স্বাস্থ্য সমিতি ,কামৰূপৰ সহযোগত নহিৰা...
बाबा सिद्दीकी नहीं सलमान खान को मारना चाहते थे हत्यारे:शूटर ने पुलिस हिरासत में किया खुलासा
NCP नेता बाबा सिद्दीकी की हत्या के मामले में गिरफ्तार आरोपी ने खुलासा किया है कि सलमान खान उनकी...
চামগুৰি কুমাৰ গাওঁত ৰাইজৰ ৰোষত পৰিল তিনিটা ছাগলী চুৰ
চামগুৰি কুমাৰ গাওঁত ৰাইজৰ ৰোষত পৰিল তিনিটা ছাগলী চুৰ
औरंगाबाद पूर्व गणेश महासंघ कार्यालयाचे उदघाटन शिवसेने नेते चंद्रकांत खैरे यांच्या हस्ते करण्यात आले.
औरंगाबाद :- दि.३०(दीपक परेराव)औरंगाबाद पूर्व गणेश महासंघ कार्यालयाचे उदघाटन शिवसेने नेते...
Spike In Daily Covid Cases Sets Off Alarm Bells, Centre's Big Meet Today
New Delhi:
As India continues to witness a rapid surge in COVID-19 cases, the top medical...