ব্ৰহ্মপুত্ৰৰ খহনীয়া স্থলী তাকাৰচুকত যি বিজেপিৰ চাৰি কৰ্মীক মাৰপিতৰ ঘটনা সংঘটিত হৈছিল তাক লৈ মিছিং জনগোষ্ঠীয় সংগঠন TMPK আৰু শাসকীয় বিজেপি দলৰ মাজত বিবাদ চলি থকা মাজতে আজি শেহতীয়াকৈ ঢকুৱাখনা উপস্থিত হয়- ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক উপ-সভাপতি ৰক্তিম গগৈ,সম্পাদক ৰঞ্জন মহন্ত ৷ প্ৰথমে চিচি টেকেলীফুটা মথাউৰি তাকাৰচুকৰ খহনীয়া পৰিদৰ্শনৰ লগতে কামৰ অগ্ৰগতি সম্পৰ্কে বুজ লৈ জলসম্পদ বিভাগক কাম খৰতকীয়া গতিত কৰিবলৈ আহ্বান। আনহাতে বিয়লি ঢকুৱাখনা বিজেপি মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি ৰাজ্যিক নেতৃ বৰ্গৰ বিষয়ববীয়া সকলে কয় যে- যোৱা সময়ছোৱাত মিছিং জনগোষ্ঠীয় সংগঠন TMPK আৰু শাসকীয় বিজেপি দলৰ মাজত যি বিবাদ চলিছে এইক্ষেত্ৰত যিসকল দোষী ব্যক্তি তেওঁলোকক অতি শ্ৰীঘে চিনাক্ত কৰি শাস্তি প্ৰদানৰ দাবী জনাই আৰু ঢকুৱাখনা আৰক্ষীক এই ক্ষেত্ৰত গুৰুত্ব দিবলৈও অনুৰোধ জনায়। ইফালে ঢকুৱাখনাৰ লগতে নদীদ্বীপ মাজুলী বাসীৰ স্বাৰ্থত ভৌগলিক অস্তিত্বলৈ যাতে ভাবুকি মাতি আনিব নোৱাৰে তাৰ বাবে আগন্ত দিনবোৰত চৰকাৰে গুৰুত্ব প্ৰদানৰ কৰিব বুলিও জানিবলৈ দিয়ে ৰাজ্যিক নেতৃ বৰ্গই ।