নাৰায়ণপুৰ শিক্ষাখন্ডৰ অন্তৰ্গত কথাজান দেউৰী মধ্য ইংৰাজী বিদ্যালয়ত যোৱা ১২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত বাৰ্ষিক ক্ৰীড়া , সাহিত্য আৰু কৃষ্টি প্ৰতিযোগিতাৰ ১৬ ডিচেম্বৰৰ দিনটোত বাৰ্ষিক অধিৱেশন অভিভাৱক সন্মিলন আৰু বঁটা বিতৰণী সভাৰে সামৰণি পৰে ৷ ১২ ডিচেম্বৰত পুৱা প্ৰধান শিক্ষক জিতেন শইকীয়াই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা বিদ্যালয় সপ্তাহৰ ১৫ ডিচেম্বৰলৈকে অনুষ্ঠিত হয় ক্ৰীড়া , সাহিত্য প্ৰতিযোগিতা আৰু ছাত্ৰ সংসদ গঠন ৷ ১৬ ডিচেম্বৰৰ অন্তিম তথা সামৰনি অনুষ্ঠানৰ দিনটোত পুৱা অনুষ্ঠিত হয় কৃষ্টি প্ৰতিযোগিতা ৷ দিনৰ ১২ বজাৰ পৰা অনুষ্ঠিত হয় মুল সভা , একাংক নাট আৰু ফেশ্বন’শ্ব প্ৰতিযোগিতা ৷ বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দেবেশ্বৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত মুল সভাত মুখ্য অতিথি ৰুপে উপস্থিত থাকে দেউৰী পৰিষদৰ পিছলা সমষ্টিৰ প্ৰতিনিধি ৰিংকুমনী দেউৰী , বিশিষ্ট অতিথি ৰুপে উপস্থিত থাকে নাৰায়ণপুৰ খন্ড প্ৰাথমিক শিক্ষা বিষয়া দেবেশ্বৰ বৰা , সমল ব্যক্তি বসন্ত হাজৰিকা আৰু দেউৰী পৰিষদৰ প্ৰাক্তন অধ্যক্ষ বিষ্ণু কুমাৰ দেউৰী ৷ সন্ধিয়া পুষ্পাঞ্জলি দেউৰীৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰাৰ অন্তত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা আলোক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতাসমুহত অংশগ্ৰহণ কৰি উন্নত ফল দেখুৱাবলৈ সক্ষম হোৱাত প্ৰধান শিক্ষক জিতেন শইকীয়াৰ লগতে শিক্ষাগুৰু আৰু অভিভাৱকসকলে সন্তুষ্টি প্ৰকাশ কৰি বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰে ৷ শেষত সাংস্কৃতিক সন্ধ্যাৰে সামৰণি পৰে বিদ্যালয় সপ্তাহৰ কাৰ্যসুচী ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલનપુર નારી સંરક્ષણ કેન્દ્ર ખાતે કલેક્ટરશ્રી વરૂણ બરનવાલના અધ્યક્ષસ્થાને વિવિધ સમિતિઓની બેઠક યોજાઇ..
કલેક્ટરશ્રીએ નારી સંરક્ષણ કેન્દ્રની મુલાકાત લઇ તેમાં આશ્રય લઇ રહેલી બહેનોને આપવામાં આવતી...
राज्य स्तरीय सब जूनियर तायक्वोंडो चैम्पियनशिप लीजेंड स्पोर्ट्स अकादमी के खिलाडियों ने जोरदार प्रदर्शन करते हुए 2 स्वर्ण पदक, 4 रजत पदक, 5 कांस्य पदक कुल 11 पदक किये हासिल
राज्य स्तरीय सब जूनियर तायक्वोंडो चैम्पियनशिप राजस्थान भ्रमण महासभा विद्याधर नगर जयपुर मे आयोजित...
પ્રાકૃતિક ખેતી દ્વારા મૂલ્ય વર્ધક દેશી ગોળનું ઉત્પાદન કરતા ખેડૂતો
પ્રાકૃતિક ખેતી દ્રારા મૂલ્યવર્ધન કરી દેશી ગોળનુ ઉત્પાદન કરતા ખેડબ્રહ્મા રામનગરના ખેડૂતબંધુ...
જસદણ ગીતાનગર પાસે ટ્રાવેલ્સ ઓફિસ માંથી એલસીબીએ વિદેશી દારૂ ઝડપી લીધો
જસદણ ગીતાનગર પાસે ટ્રાવેલ્સ ઓફિસ માંથી એલસીબીએ વિદેશી દારૂ ઝડપી લીધો જસદણમાં એલસીબીએ ગીતા નગર...