আইদেউপুখুৰী চাহ বাগিচাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনে।

অৱশেষত আইদেউপুখুৰী চাহ বাগিচাৰ সম্পত্তি বাজেয়াপ্ত কৰিলে অসম চাহ শ্ৰমিক কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনে। আজি সংগঠনটোৰ শিৱসাগৰ আৰু সোণাৰি কাৰ্যালয়ৰ পৰা যোৱা বিষয়া কৰ্মচাৰীৰ দল এটাই বাগিচাখনৰ মালিক পক্ষই শ্ৰমিক কৰ্মচাৰী সকলৰ বিভিন্ন শিতানৰ বাবদ পাব লগা প্ৰায় ৩৭ লাখ আদায় নিদিয়াৰ বাবে চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি বাগিচাখনৰ সকলো স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰে। বৃহৎ আৰক্ষী বাহিনী সহ বাগিচাখনত গৈ উপস্থিত হোৱা দলটোৱে বৰ্তমান ইয়াৰ পৰিচালনাৰ দায়িত্বত থকা কৰ্মচাৰী সকলৰ পৰা সকলো সম্পত্তিৰ নথি পত্ৰ পৰীক্ষা কৰাৰ অন্তত বাগিচাখন নিজৰ অধীনলৈ নিয়াৰ কথা ঘোষণা কৰি কাৰ্যালয়ৰ সন্মুখত জাননী আঁৰি দিয়ে।