গুৰুজনা জন্মজয়ন্তী উপলক্ষে ভাওঁনা ৰ আখৰাত ব্যস্ত হৈ পৰিছে বৰদলনি মহিলা শিল্পী সকল*।
পুৰুষৰ সমান্তৰাল ভাৱে মহিলাও যে সকলো কামত সমান এই মূল মন্ত আগত ৰাখি,
মহা পুৰুষ গুৰুজনাৰ অমৰ সৃষ্টি ভাওঁনা সংস্কৃতি লগতে গুৰু জনা গীত বাদ্য নৃত্য নাট্যক সমান্তৰাল ভাৱে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা মানসেৰে ধেমাজি জিলা বৰদলনিত তৰংঙ্গিনী নাট্য গোষ্ঠী জন্ম লাভ কৰে।
নতুন কৈ জন্ম লাভ কৰা তৰংঙ্গিনী নাট্য গোষ্ঠীয়ে
মহাপুৰুষ গুৰুজনাৰ এভাগি নাট (বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰ মুক্তি লাভ নামেৰে এভাগি নাট বিভিন্ন মঞ্চ প্ৰদৰ্শন কৰিবৰ বাবে সাজু হৈছে বুলি নাট্য দ'ল ৰ সম্পাদিকা গৰাকীয়ে জানিৱ দিয়ে।
নাট্য দ'ল টোত জিলা খনৰ ভিন্ন প্ৰান্তৰ মহিলা শিল্পী সকলক একত্ৰিত কৰি নৱপ্ৰজন্মক গুৰু জনাৰ আদৰ্শৰে কেনেদৰে সমাজৰ মাজত ধাৱমান কৰিৱ পাৰি তাৰ এক নিদৰ্শন দাঙি ধৰিছে।
গীত বাদ্য নৃত্য নাট্যয়ে মানুহৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক দিশৰ সূচনা কৰে তাৰ এক বাতাবৰণ সৃষ্টি কৰা লক্ষ্য আগত ৰাখি এই শিল্পী দ'ল টি জন্ম লাভ কৰে।
 
  
  
  
  
   
   
   
  