সোণাৰি বিধান সভা সমষ্টিৰ সোণাৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত টাওকাক গাঁও পঞ্চায়তত আজি কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ)ৰ অধীনত ১,৩০,০০০ টকা ব্যয়ৰে নিৰ্মাণ কৰা উমেশ চৌধুৰী বাসগৃহটিৰ শুভ উদ্ধোধন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে টাওকাক গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমনী প্ৰধান, ৰজাপুখুৰী গাঁও পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা লগতে পঞ্চায়তখনৰ বিষয়ববীয়া ও বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷