সূৰ্য দেৱতাৰ কোপ দৃষ্টিত কৃষি পথাৰৰ খালৰ পানীও শুকাই পৰিছে৷ যেন তীব্ৰ খঙত সূৰ্য দেৱতাই ধৰা ধামলৈ অগ্নিহে বৰষাইছে ৷ চট্‌ফটাব লৈছে জীৱ জন্তু কিম্বা জীৱ শ্ৰেষ্ঠ মানৱ জাতিয়েও৷

বৃক্ষৰ পাতেও কান পেলাইছে ৷ এনে পৰিস্থিতিত সূৰ্য দেৱতাৰ নিক্ষেপিত অগ্নিৰ পৰা পৰিত্ৰাণ বাবে কোনোবাই যদি গছৰ তলত বিৱস্তা হৈ জীৰণী লৈ হাতৰ বিছনিখনেৰে বাঃ বোলাইছে ৷ তাৰ মাজতেই কোনোবাই আকৌ বাৰীৰ পুখুৰীটো কিম্বা বোৱতী নদীত স্নান্‌ কৰি দেহা শীতল কৰাৰ চেষ্টা কৰাৰ অব্যাহত ৰাখিছে ৷ সমান্তৰালভাৱে এনে গেলা গৰমৰ পৰা পৰিত্ৰাণ পোৱাৰ নিমিত্ৰে শোনিতপুৰৰ বালিপাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত শাৰি শাৰি কৈ সজাই থোৱা ডাব নাৰিকল আৰু তৰমুজ।

দোকানত ভিৰ কৰিছে অসংখ্য পথছাৰিয়ে ৷খন্তেকৰ বাবে সেই নাৰিকলৰ চেচাপানী আৰু তৰমুজৰ সোৱাদ গ্ৰহণ কৰি পথছাৰী দেহাৰ অৱসাদ কিছু পৰিমানে দূৰ কৰিছে ৷ইপিনে এনে বতৰত নাৰিকল আৰু তৰমুজৰ ব্যৱসায় সকলৰ উপযুক্ত সময় ৷ সম্প্ৰতি অধিকাংশ লোকে স্বাস্থ্যৰ প্ৰতি ভয়াৱহ বুলি ভৱা শীতল পানীয় ব্যৱহাৰ নকৰে ৷ তেনে ক্ষেত্ৰত উৎকট গৰমৰ পৰা ৰক্ষা পাবলৈ সেই সকল লোকে ব্যৱহাৰ কৰে নাৰিকল পানী আৰু তৰমুজ । এনে বতৰত নাৰিকল আৰু তৰমুজৰ ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া এই সকল ব্যৱসায়ৰ মুখত দেখা পোৱা গৈছে এটা সুখৰ হাঁহি।