বিলাসীপাৰা আৰক্ষীৰ আন এক সাফল্য। বিলাসীপাৰা বেলতলীত ভূমি বিবাদক কেন্দ্ৰ কৰি হত্যাকাণ্ডৰ লগত জড়িত ৭ জনকৈ আচামীক গ্ৰেপ্তাৰ বিলাসীপাৰা আৰক্ষীৰ।

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

Voice- বিলাসীপাৰা বেলতলীৰ ভূমি বিবাদক কেন্দ্ৰ কৰি অশান্ত হৈ পৰিছিল সমগ্ৰ বিলাসীপাৰা। যোৱা ২১ আগষ্টত ভূমি বিবাদক কেন্দ্ৰ কৰি বিলাসীপাৰাৰ বেলতলীত সংঘটিত হৈছিল দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা। উক্ত ঘটনাত চাইফুদ্দিন সেখ নামৰ এজন ব্যক্তিৰ মৃত্যু হৈছিল। ছাইফ উদ্দিন সেখৰ মৃতদেহ সন্মুখত লৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰিছিল হাজাৰ হাজাৰ লোকে।

অৱশেষত যোৱা কেইদিন মান ধৰি বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰা, বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীৱ কুমাৰ দাস, নগৰ উপ পৰিদৰ্শক পাদমাপাণি বৰাৰ নেতৃত্বত তীব্ৰতৰ অভিযান চলাই। ঘটনাৰ লগত জড়িত ৭ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বিলাসীপাৰা আৰক্ষীয়ে। আচামী কেইজন হ'ল- ১। জহিৰুল ইছলাম, ২। আব্দুল আওৱাল, ৩। নজৰুল ইছলাম, ৪। ইউছুফ আলী, ৫। বাহাৰুল মণ্ডল, ৬। কুমুৰুদ্দিন ওৰফে কালু আৰু ৭। আমিনুল ইছলাম।  

৭ জনৰ ভিতৰত ৪ জনক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে বুলি বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই জানিবলৈ দিয়ে ।