চৰাইদেউত এখন জিলা এবিধ সামগ্ৰী আঁচনিৰ শুভাৰম্ভ

চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই "এখন জিলা এবিধ সামগ্ৰী" (One District One Product) আঁচনিৰ অধীনত আজি ৰাইজৰ বাবে "চৰাইদেউ সুগন্ধি জহা" আনুষ্ঠানিকভাৱে মুকলি কৰে। উপায়ুক্ত গৰাকীৰ কাৰ্যালয় কক্ষত আয়োজিত এই অনুষ্ঠানত কৃষি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈ, ভাৰপ্ৰাপ্ত জিলা কৃষি বিষয়া ৰবীন ইয়েন প্ৰমুখ্যে চৰাইদেউ ছিল্ক এণ্ড এগ্ৰ' কোম্পানী লিমিটেডৰ বিষয়-ববীয়া আৰু ভালে কেইগৰাকী বিষয়া- কৰ্মচাৰী উপস্থিত থাকে। অনুষ্ঠানত উপায়ুক্ত পল বৰুৱাই এইবিধ জহা চাউলৰ মাৰ্কেটিঙৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহযোগিতা আগবঢ়াব বুলি অৱগত কৰে। তেওঁ চৰাইদেউ সুগন্ধি জহা"ৰ যথেষ্ট চাহিদা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে, "চৰাইদেউ সুগন্ধি জহা" চৰাইদেউ ছিল্ক এণ্ড এগ্ৰ' কোম্পানী লিমিটেডে উৎপাদন কৰিবলৈ আগবাঢ়ি আহিছে। এইবিধ জহা চাউল জিলাখনৰ বিভিন্ন  বিপনীত ৰাইজৰ বাবে উপলব্ধ হ'ব।