চৰাইদেউ জিলাৰ শালকাঠনি চাহ বাগিছাত উতপ্ত পৰিস্থিতি। শ্ৰমিকক ফেক্টৰী ভিতৰত প্ৰহাৰ কৰাক কেন্দ্ৰ কৰি গাওঁবাসীৰ প্ৰতিবাদ।

চৰাইদেউ জিলাৰ সাপেখাটী আৰক্ষী থানাৰ অন্তৰ্গত শালকাঠনি চাহ বাগিছাৰ ফেক্টৰীত আজি পুৱা বাগিছাখনৰ এজন অস্থায়ী শ্ৰমিকক বাগিছাখনৰ এজন কৰ্মচাৰীয়ে সামান্য কথাতে গুৰুত্ব ৰ ভাবে প্ৰহাৰ কৰাত শ্ৰমিক জন অসুস্থ হৈ পৰে ‌। আহত শ্ৰমিক জনৰ নাম অতুল টুডু। যুৱক জনক প্ৰহাৰ কৰাৰ খবৰ গাওঁবাসীয়ে পোৱাৰ পাছতে উত্তেজিত হৈ বাগিছাখনৰ ফেক্টৰীৰ সন্মুখত দোষীক শাস্তিৰ দাবীত উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

আহত যুৱক জনক ততালিকে সাপেখাটি স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ চেষ্টা কৰিছে ।