নাফুকি আইদেউৰ মৈদামত আহোম জাতীয় গণ মঞ্চৰ চাফাই অভিযান

আহোম জাতীয় গণমঞ্চ,অসম চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত চৰাইদেউ জিলাৰ অন্তৰ্গত আইদেউ পুখুৰীত অৱস্থিত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মাতৃ নাফুকি আইদেউ মৈদাম'ত আজি এক চাফাই কাৰ্য্যসূচী হাতত লোৱা হয়৷ কাৰ্য্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় সভাপতি মহেন্দ্ৰ দিহিঙীয়া প্ৰমুখ্যে সংগঠনটোৰ বহু স্থানীয় নেতা আৰু কৰ্মী।