যোৰহাটৰ দৃষ্টিহীন বিদ্যালয়ত চাৰি অগষ্ট তাৰিখে উপস্থিত হৈছিল মন্ত্ৰী পিজুষ হাজৰিকা। বিদ্যালয় খনৰ সমস্যাসমূহৰ ওপৰত আলোচনা কৰিছিল মন্ত্ৰীজনে।

মন্ত্ৰীজনক দৃষ্টিহীন বিদ্যালয় খনৰ ছাত্র ছাত্ৰী সকলে বাদ্যযন্ত্ৰ ৰ সামগ্ৰী কিছু দিবৰ বাবে আহ্বান জনাইছিল। আৰু মন্ত্ৰী জনে বিদ্যালয়খন পৰিদৰ্শন কৰা ২৪ ঘণ্টা সময় পাৰ নহওতেই বিদ্যালয় খনত প্ৰদান কৰে সংগীতৰ লগত প্ৰয়োজনীয় কিছু বাদ্যযন্ত্ৰ।

মন্ত্ৰী জনক ছাত্র ছাত্ৰী সকলে বিদ্যালয়খনলৈ এটা খোল, তবলা, হাৰমনিউম, ঢোল, গীটাৰ, আৰু এখন keyboard দিবলৈ আহ্বান জনাইছিল। আৰু আজি পুৱা ৰ ভাগত মন্ত্ৰীজনে বিদ্যালয় খনত এই সামগ্ৰী সমূহ প্ৰেৰণ কৰে।