নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত বৰখামতি পথাৰ খ্যাত মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিত হ’ব লগীয়া অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনৰ ১৫ ডিচেম্বৰত অনুষ্ঠিত হ’ব লাই খুটা স্থাপনৰ মাঙ্গলিক অনুষ্ঠান ৷ লখিমপুৰ জিলাৰ উদ্যোগত আৰু ধেমাজী , বিশ্বনাথ আৰু মাজুলী জিলাৰ সহযোগত অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফ্ৰেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’ব লগা অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন খনৰ লাই খুটা স্থাপন অনুষ্ঠানত মুখ্য অতিথি ৰুপে উপস্থিত থাকিব অসম চৰকাৰৰ পৰ্যটন আৰু জনস্বাস্থ্য কাৰীকৰি বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা , বিশিষ্ট অতিথি ৰুপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া , প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা , মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দিবাকৰ চন্দ্ৰ ডেকা আৰু লখিমপুৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱন ৷ লগতে সন্মানীয় অতিথি ৰুপে উপস্থিত থাকিব সাংসদদ্বয় পল্লৱলোচন দাস আৰু প্ৰদান বৰুৱা, বিধায়ক ক্ৰমে উৎপল বৰা, নৱ কুমাৰ দলে , ভৰত নৰহ , ভূৱন গাম আৰু মানৱ ডেকা ৷ অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰুপে একাধিক সত্ৰাধিকাৰ আৰু ধৰ্মীয় মুৰব্বী উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে ৷ আনহাতে অনুষ্ঠানত সহযোগী জিলা কেইখনৰ সাহিত্য সভা বিষয়ববীয়া , বিশিষ্ট ব্যক্তি , সাহিত্যনুৰাগী আৰু লখিমপুৰ জিলা সাহিত্য সভাৰ বিষয়ববীয়া আৰু সাহিত্যনুৰাগী উপস্থিত থাকিব ৷ আদৰণি সমিতিৰ হৈ সম্পাদক মাখন তামুলী আৰু সভাপতি অমিয় কুমাৰ ভুঞাই সকলো সাহিত্যনুৰাগীৰ উপস্থিতি কামনা কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Salman Khan's preview of the song Billi Billi from Kisi Ka Bhai Kisi Ki Jaan. - Newzdaddy
Salman Khan is now preparing for the premiere of his Eid release, Kisi Ka Bhai Kisi Ki Jaan....
UP Flood News: बारिश के बाद Varanasi में रेलवे स्टेशन से BHU तक हर तरफ पानी ही पानी | IMD | Aaj Tak
UP Flood News: बारिश के बाद Varanasi में रेलवे स्टेशन से BHU तक हर तरफ पानी ही पानी | IMD | Aaj Tak
Apple Retail Store ने तोड़े बिक्री के सभी रिकॉर्ड, भारत में हर महीने हो रही 22-25 करोड़ रुपये की सेल
Apple Electronics Store Sale भारत में iPhone निर्माता के पहले दो खुदरा स्टोरों ने प्रत्येक महीने...
Breaking News: हिमाचल की Congress सरकार पर गहराया संकट, राज्यपाल से मिलने पहुंचे Jairam Thakur
Breaking News: हिमाचल की Congress सरकार पर गहराया संकट, राज्यपाल से मिलने पहुंचे Jairam Thakur