"মোৰ এইটোয়েই শেষ মাত,ইহঁতে মোক মাৰি পেলাব"এই ফোনকলৰ পিছতেই ঘৰৰ পৰা বহিঃৰাজ্যলৈ যাত্ৰাপথত বহিঃৰাজ্যত কৰ্মৰত অসমৰ এজন ব্যক্তি নিৰুদ্দেশ।চৰাইদেউৰ শিলাসাঁকো চোলাধৰা খনিকৰ গাঁৱৰ বহিঃৰাজ্যত কৰ্মৰত এজন ব্যক্তি নিৰুদ্দেশ।

পুনৰ বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাট বিচাৰি যাত্ৰাপথত এজন ব্যক্তিৰ নিৰুদ্দেশ হোৱা ঘটনাই চৰাইদেউৰ শিলাসাঁকো চোলাধৰা খনিকৰ গাঁৱত সৃষ্টি কৰিছে এক তীব্ৰ চাঞ্চল্যৰ। চৰাইদেউৰ শিলাসাঁকো চোলাধৰা খনিকৰ গাঁৱৰ নিপেন চিত্ৰকৰ নামৰ ৩৭বছৰীয়া ব্যক্তিজন কৰ্মৰত আছিল গুজৰাটৰ এটা ব্যক্তিগত কোম্পানীত। যোৱা ৬ডিচেম্বৰ সন্ধ্যা ৭:৩০বজাত অবধ আসাম ৰে'লেৰে শিমলুগুৰি ৰে'লৱে জংচনৰ পৰা দিল্লীলৈ গৈছিল নিপেন চিত্ৰকৰ।দিল্লীৰ পৰা পুনৰ অন্য এখন ৰে'লেৰে পুনৰ কৰ্মস্থলী গুজৰাটলৈ গৈছিল নিপেন চিত্ৰকৰ। শনিবাৰে পুৱতি নিশা তিনিবজাত আৰু পুৱা ৪বজাত পত্নীলৈ ফোন কৰিল নিপেন চিত্ৰকৰে। দুয়োবাৰ ফোনত এটাই কথা "মোৰ এইটোয়েই শেষ মাত,ইহঁতে মোক মাৰি পেলাব"।তাৰ পিছৰ পৰাই ফোন অফ নিপেন চিত্ৰকৰৰ।বৰ্তমানেও নিৰুদ্দেশ নিপেন চিত্ৰকৰ।কৰ্মস্থলী গুজৰাট গৈও পোৱাগৈ নাই নিপেন চিত্ৰকৰ।চিন্তিত হৈ পৰিছে এতিয়া পৰিয়ালৰ লোক।সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই টেঙাপুখুৰী আৰক্ষী চকীত নিপেন চিত্ৰকৰৰ পৰিয়ালৰ লোকে দাখিল কৰিছে এজাহাৰ। দুৰ্ভগীয়া মাতৃ-পত্নীয়ে কান্দি কান্দি কাতৰ আহ্বান জনালে আৰক্ষী-প্ৰশাসনলৈ সু-শৰীৰে বিচাৰি আনক নিপেন চিত্ৰকৰক ।