আজন্ম লোক-সংস্কৃতিৰ সাধক, সমাজ সংগঠক, বিশিষ্ট সাংস্কৃতিককৰ্মী, আজীৱন শিক্ষাব্ৰতী, মৰাণৰ সমীপৰ বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী প্ৰধান শিক্ষক তথা ডোমৰদলং কল্যাণপুৰ নিৱাসী ভদ্ৰেশ্বৰ চুতীয়ৰ নৱতম কাব্য সংকলন ‘প্ৰেম পোহৰ শব্দ’ আজি মৰাণৰ ডোমৰদলংস্থিত জে জে বিবাহ ভৱন সভাকক্ষত সম্পন্ন এক অনুষ্ঠানত উন্মোচন হয়৷ এটা দীঘলীয়া সময় লোক সংস্কৃতিৰ সাধক হিচাপে পৰিচয় লাভ কৰি অহাৰ পাচত শেহতীয়াকৈ কাব্য চৰ্চাত মনোনিৱেশ কৰি চুতীয়াই উলিওৱা সংকলনখনৰ উন্মোচনী অনুষ্ঠানটো পৌৰোহিত্য কৰে ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’ প্ৰাপক ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰীয়ে৷ শিক্ষক, সমাজ-সংগঠক, সাংস্কৃতিককৰ্মী তথা মৰাণহাট ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত চুতীয়াই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সমাজ সংগঠক ড॰ যতীন চুতীয়া আৰু লোক সংস্কৃতিক সাধক তথা মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড॰ অনিল শইকীয়াই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ সন্মানীত অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে সমাজকৰ্মী পূৰ্ণানন্দ চুতীয়া আৰু ঘন তামূলী, শিক্ষয়িত্ৰী স্মৃতিৰাণী দেৱী আৰু মৰাণ চাহ কৰ্মচাৰী সংঘৰ সভাপতি ৰেৱ ফুকন৷ এই অনুষ্ঠানতে অঞ্চলটোৰ বহু ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা প্ৰাক্তন সহকৰ্মীসকলে সাংস্কৃতিককৰ্মী-কবি ভদ্ৰেশ্বৰ চুতীয়াক ৰাজহুৱাভাৱে অভিনন্দন জ্ঞাপন কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Sheikh Hasina: लंबे समय तक भारत में रुक सकती हैं शेख हसीना, US-ब्रिटेन के हाथ खींचने के बाद अब इन देशों में तलाशे जा रहे विकल्प
नई दिल्ली। बांग्लादेश में प्रोफेसर मोहम्मद यूनुस की अगुवाई में अंतरिम सरकार बन गई है।...
অভাৱনীয় হাৰত বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ মৰাণত ক্ষোভ প্ৰকাশ গৰীয়া মৰীয়া পৰিষদ জিলা সম্পাদকৰ
অভাৱনীয় হাৰত বিদ্যুতৰ মাচুল বৃদ্ধিক লৈ মৰাণত ক্ষোভ প্ৰকাশ গৰীয়া মৰীয়া পৰিষদ জিলা সম্পাদকৰ
कोटा, राजस्थान !! प्री डीएलएड परीक्षा का परिणाम घोषित !!
कोटा, राजस्थान प्री डीएलएड परीक्षा का परिणाम घोषित
Ramdas Kadam: Uddhav Thackeray मुख्यमंत्री बनण्याच्या रात्री काय झालं? | Sharad Pawar | Shiv Sena
Ramdas Kadam: Uddhav Thackeray मुख्यमंत्री बनण्याच्या रात्री काय झालं? | Sharad Pawar | Shiv Sena