দৰঙৰ ধলপুৰৰ উচ্ছেদিত পৰিয়াল সমূহক দলগাওঁ সমষ্টিৰ অন্তৰ্গত শ্যামপুৰ আৰু আৰিমাৰী অঞ্চলত পুনৰ সংস্থাপন দিয়ে চৰকাৰে। পুনৰ সংস্থাপিত প্ৰতিটো পৰিয়ালক বিভিন্ন সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰ তথা জিলা প্ৰশাসনে । কিন্তু  এবছৰ পাছতো পুনৰ সংস্থাপিত পৰিয়াল সমূহে চৰকাৰৰ ফালৰ পৰা বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে। নানা সমস্যাৰে জৰ্জৰিত পুনৰ সংস্থাপিত লোক সকলৰ  খবৰ লওঁতা নাই কোনো । আজি সংস্থাপিত লোক সকলে আমাৰ ঘৰ নিৰ্মাণ কৰিবলৈ ভেটি বনাই দিয়ক ।  আমাৰ যাতায়ত ব্যৱস্থাৰ সুবিধা কৰি দিয়ক । আমাৰ সন্তানক শিক্ষাৰ সুবিধা দিয়ক । চৰকাৰ প্ৰশাসনে দিয়া প্ৰতিশ্ৰুতি পালন কৰক আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৩ নং আৰিমাৰী গাঁৱত পন: সংস্থাপিত পৰিয়াল সমূহে ।