ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰকাশ জ্যোতি বৰঠাকুৰক বিদায় সম্বৰ্ধনা জনোৱা হয়।

ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰকাশ জ্যোতি বৰঠাকুৰ ছাৰৰ আজি বিদায় ক্ষণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা মহাবিদ্যালয় গোটৰ পৰা বিদায় সম্বৰ্ধনা জনোৱা হয়। আজিৰ দিনটো মহাবিদ্যালয় খনৰ বাবে এটি স্মৰণীয় দিন হৈ ৰব বুলি উল্লেখ কৰি কয় যে বিগত ১০ বছৰত তেখেতৰ মহাবিদ্যালয়ৰ মান - মৰ্য্যদা বাবে , যি ত্যাগ উৎকণ্ঠা , সেয়া স্বীকাৰ কৰিবলীয়া তাত কোনো সন্দেহ নাই । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা মহাবিদ্যালয় গোটৰ পৰা বিদায় সম্বৰ্ধনা জনোৱাৰ ক্ষণত সদৌ মৰাণ ছাত্ৰ সন্থা ডুমডুমা‌ আঞ্চলিক সমিতিৰ উপদেষ্টা পদ্মজিত মৰাণ, মহাবিদ্যালয়ৰ গোটৰ সভাপতি ৰুবুল শইকীয়া সম্পাদক তৰুণ মৰাণৰ লগতে গোটৰ বিষয়ববীয়া সকল উপস্থিত থাকে। অধ্যক্ষ গৰাকীৰ আহিবলগা দিনবোৰ সুখময় আৰু সুস্বাস্থ্য অধিকাৰী হৈ থকাৰ কামনা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক কল্যাণজ্যোতি মৰাণ এ।