"সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে এগৰাকী মাতৃৰ সন্তান। এগৰাকী আদৰ্শ মাতৃ হবলৈ কোনো ডিগ্ৰীধাৰী হব নালাগে, হব লাগে মাথো মানৱীয় প্ৰমূল্যৰ অধিকাৰী" আজি মৰাণ কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হোৱা সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ নৱম ত্ৰি-বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত বিশিষ্ট সাহিত্যিক, শিৱসাগৰ জিলা সাহিত্য সভাৰ সভানেত্ৰী ড° নিৰূপমা মহন্তই এনে দৰে কয় । বক্তাগৰাকীয়ে লগতে কয়যে সুসন্তান গঢ়িবলৈ হলে মাতৃগৰাকীয়ে সন্তানক সদায় সুপৰামৰ্শ, মানুহ হোৱা শিক্ষা দিব লাগে। এগৰাকী মাতৃ সদায় মৰমীয়াল হোৱা লগতে সমাজৰ উন্নতিৰ কাৰণে চিন্তা কৰিব লাগিব বুলি সাহিত্যিক গৰাকীয়ে কয় । উক্ত সভাতে নিৰূপমা মহন্তক "মাতৃ মহীয়ান" উপাধি প্ৰদান কৰা লগতে গামোচা , শৰাই, মানপত্ৰ সহ সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা শিতানত লোক সংস্কৃতিৰ গৱেষক ড°অনিল শইকীয়া আৰু শিপিনী তথা অসম গৌৰৱ হেমপ্ৰভা চুতীয়াকো গামোচা, চেলেং , শৰাই, মানপত্ৰ সহ সম্বৰ্ধনা জনোৱা হয় । সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সভানেত্ৰী ড° ভানুপ্ৰভা শইকীয়াই সভানেত্ৰীত্ব কৰা সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা কল্পনা বৰগোহাঁয়ে । সভাত নিদিষ্ট বক্তা হিচাপে ভাষণ দিয়ে সন্থাৰ কেন্দ্ৰীয় সভানেত্ৰী পূৰবী ফুকনে । বক্তা গৰাকীয়ে এগৰাকী চাকৰি কৰা মহিলাই কিমান কষ্টৰে চাকৰি কৰি ঘৰ সংসাৰ চলাব লাগে তাৰ অভিজ্ঞতা সন্দৰ্ভত বহলাই কয় । বিশিষ্ট অতিথি হিচাপে ভাষণ দিয়ে মৰাণ বিধান সভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । বিধায়ক গগৈয়ে উশৃংখল হোৱা যুৱক যুৱতী সকলক নিয়ন্ত্ৰৰ ক্ষেত্ৰত পিতৃ মাতৃ সকলৰ ভূমিকা সন্দৰ্ভত বহলাই কয় । সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা চিত্ৰলেখা গগৈয়ে । সভাত বিশিষ্ট কবি জুলিয়ানা বেগম, মৰাণৰ জ্যেষ্ঠ সাংবাদিক বাছা বৰা, মৰাণ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰশান্ত দত্ত, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ উপদেষ্টা দীপালী দত্ত শইকীয়াকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহন কৰে । উক্ত সভাতে সন্থাৰ মুখপত্ৰ ' নিৰ্ঝৰিনী ' , স্মৃতিগ্ৰন্থ 'ৰূপহী মৰাণ ' কে ধৰি কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। উদযাপন সমিতিৰ সভানেত্ৰী ড° মামনি ফুকন বৰগোহাঁয়ে আদৰণী ভাষণ দিয়া সভা খন এটি সমবেত গীতেৰে উদ্বোধন কৰা হয় । কাৰ্যসূচী অনুসৰি আজি দ্বিতীয় দিনা কাৰ্যসূচীত পুৱা ১০ বজাৰ পৰা "মহিলা কৰ্মচাৰীৰ সমস্যা আৰু আইনী সুৰক্ষা" শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় । শিৱসাগৰ জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈয়ে উদ্বোধন কৰা আলোচনা চক্ৰত আলোচক হিচাপে ভাগ লয় জ্যেষ্ঠ অধিবক্তা ড° নাজৰাণা আহমেদ আৰু ডিব্ৰুগড় জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে । কালিৰে পৰা আৰম্ভ হোৱা অধিৱেশনত সাংস্কৃতিক শোভাযাত্ৰা, গ্ৰন্থমেলা উন্মোচন , প্ৰদৰ্শনী দ্বাৰ উন্মোচন, সাংস্কৃতিক সন্ধিয়া, ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বিভিন্ন সাহিত্য প্ৰতিযোগিতা, মহিলাৰ মাজত বিয়া নাম প্ৰতিযোগিতা, বিষয় বাচনিকে ধৰি বহু কেইটা কাৰ্যসূচী সম্পন্ন হয় । বিষয় বাচনি সভাত সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সভানেত্ৰী হিচাপে সোনালী দাস আৰু সাধাৰণ সম্পাদিকা হিচাপে মাইকন দেৱীক নিৰ্বাচিত কৰা হয় । সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই উদযাপন সমিতিৰ সম্পাদিকা জ্যোতি দেউৰীয়ে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'टेलीग्राम चैट, क्वेश्चन पेपर...' UP Police Exam Leak पर अब क्या सामने आ गया?
'टेलीग्राम चैट, क्वेश्चन पेपर...' UP Police Exam Leak पर अब क्या सामने आ गया?
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
આકાશમાં કાળાડિબાંગ વાદળો ઘેરાતા ખેડૂતો ચિંતિત.....
આકાશમાં કાળાડિબાંગ વાદળો ઘેરાતા ખેડૂતો ચિંતિત.....
कलेक्टर ने गुनौर में ली अधिकारियों की बैठक
मुख्यमंत्री के प्रस्तावित भ्रमण के दृष्टिगत आवश्यक तैयारियों के दिए निर्देश
कलेक्टर हरजिंदर सिंह ने बुधवार को जनपद पंचायत सभागार गुनौर में अधिकारियों के साथ...