দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুস্থি অসম কোম্পানী নাজিৰা ল'ৰা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ শুভাৰম্ভণি সম্পন্ন ।

ঐতিহ্যমণ্ডিত নাজিৰা নগৰত ইংৰাজ চৰকাৰ আৰু অসম কোম্পানীৰ কেইগৰাকীমান বিদ্যানুৰাগী ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত ১৯১৪ চনত এক মাহেন্দ্ৰ ক্ষণত বশিষ্ট গংগা খ্যাত দিখৌ নদীৰ পাৰত জন্ম লাভ কৰা মুক্তাৱ বিদ্যালয়খনে ১৯৬০ চনত এতিয়াৰ অসম কোম্পানী নাজিৰা ল'ৰা প্ৰাথমিক বিদ্যালয়লৈ পৰিৱৰ্তিত হৈ সেই সোণসেৰীয়া অতীতৰ মাধুৰীমা গচকি নতুন দৃষ্টিকোণেৰে নব্য আন্ত:গাঠনিৰে সাম্প্ৰতিক কালৰ " কঠিন বিশ্বায়ন "ৰ পৃথিৱীখনৰ মুখামুখি হ’ব পৰাকৈ এই বিদ্যালয়খনি নতুন দৃষ্টিকোণেৰে সজাই - পৰাই তোলাৰ উদ্দেশ্যে আগত ৰাখি বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী , প্ৰাক্তন ছাত্ৰ আৰু নাজিৰাবাসী ৰাইজৰ সহযোগত বৰ্ষজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শতবৰ্ষ শুভাৰম্ভণী অনুষ্ঠান অনুস্থিত হয় । ইয়াৰ অংশস্বৰূপে দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুস্থিত হয় এই শতবৰ্ষ শুভাৰম্ভণি কাৰ্য্যসূচী । ৯আৰু১০ডিচেম্বৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুস্থিত অসম কোম্পানী নাজিৰা ল'ৰা প্ৰাথমিক বিদ্যালয়ৰ শতবৰ্ষ শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি অনুস্থিত হয় এখন মুকলি সভা।এই মুকলি সভাৰ প্ৰাকমুৰ্হূত অনুস্থিত হয় প্ৰাক্তন ছাত্ৰৰ এক অন্তৰংগ আলাপ।ইয়াৰ পিছতেই দীপাংকৰ চক্ৰৱতীৰ সভাপতিত্বত অনুস্থিত মুকলি সভাত উপস্থিত থাকে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া,শিৱসাগৰ জিলাৰ বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শক কমলজ্যোতি গগৈ,অসম সাহিত্যসভাৰ প্ৰাক্তন প্ৰধান সম্পাদক নাহেন্দ্ৰ পাদুন,গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত,প্ৰহ্লাদ গোৱালাকে আদি কৰি কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি। এই মুকলি সভাত উপস্থিত বিশিষ্ট অতিথি সকলে বিশেষকৈ নতুন শিক্ষা নীতিৰ ওপৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হয় ।