চৰাইদেউ জিলাৰ জিলা চিকিৎসালয়ত জিলা ৰাজহুৱা স্বাস্থ্য পৰীক্ষাগাৰৰ শুভ উদ্বোধন
চৰাইদেউ জিলাৰ সোণাৰি স্থিত জিলা চিকিৎসালয়ত নতুনকৈ স্থাপন হোৱা জিলা ৰাজহুৱা স্বাস্থ্য পৰীক্ষাগাৰ (District Public Health Laboratory) টো চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ দায়িত্বপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈয়ে যোৱা ৯ ডিচেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।
উদ্বোধনী অনুষ্ঠানত চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক, জিলা চিকিৎসালয়ৰ অধীক্ষক আৰু মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া, পৰিচালনা সমিতিৰ সদস্যবৰ্গ আৰু চিকিৎসাকৰ্মীসকল উপস্থিত থাকে।
পৰীক্ষাগাৰটো চৰাইদেউ জিলাৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী (Integrated Disease Surveillance Programme) আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ উদ্যোগত আৰম্ভ কৰা হয়। এই পৰীক্ষাগাৰত সাধাৰণতে বাহকজনিত ৰোগ যেনে, জাপানীজ এনকেফেলাইটিছ, ডেংগু ইত্যাদি; সোঁচৰা ৰোগ যেনে, ডায়েৰিয়া, ডিচেণ্টেৰী, হেপাটাইটিছ এ আৰু ই, টাইফয়েড ইত্যাদি; জীৱ-জন্তুৰ পৰা সোঁচৰা ৰোগ (Zoonotic Disease) যেনে লেপ্টস্পাইৰচিচ (Leptospirosis), স্ক্ৰাব টাইফাচ (Scrub Typhus) ইত্যাদিৰ পৰীক্ষাসমূহ কৰা হয়। এই পৰীক্ষাগাৰত সদ্যহতে ৰক্ত কৌশিকা সম্পৰ্কীয় (Serological) পৰীক্ষণসমূহ আৰু পর্যায়ক্ৰমে বেক্টেৰিয়া, ভেকুৰ বা ভাইৰাছ চিনাক্তকৰণ পৰীক্ষা আৰু সংবেদনশীলতা পৰীক্ষা (Culture and Sensitivity Test) সমূহ কৰা হ'ব।