তিনিচুকীয়া আৰক্ষীয়ে প্ৰতিটো দিনতে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷

আজি পুৱাই তিনিচুকীয়া আৰক্ষীয়ে নৈশ বাছত অভিযান চলাই লাভ কৰিছে বৃহৎ সাফল্য ৷


AS01 JC6754 নম্বৰৰ ডিমাপুৰৰ পৰা তিনিচুকীয়াত পুৱা আহি পোৱা পূজা নামৰ নৈশ বাছখনৰ পৰা জব্দ কৰে ৬০ পেকেট ড্ৰাগছ। 


জব্দ কৰা ড্ৰাগছখিনিৰ আনুমানিক মূল্য প্ৰায় ৩০ লাখৰো অধিক ৷


তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰা আৰু সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোঁহাইৰ নেতৃত্বত গোপন খৱৰৰ ভিত্তিত চলিছিল উক্ত ড্ৰাগছবিৰোধী অভিযান। 

কাপোৰৰ লগতে বিভিন্ন সামগ্ৰীৰ মাজত সৰবৰাহকাৰীয়ে ভৰাই আনিছিল ড্ৰাগছখিনি ৷


আৰক্ষীয়ে বাছখনৰ চালক, হেণ্ডিমেনৰ লগত চাৰিজনক ইতিমধ্যে আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷