।গহপুৰৰ হেলেমত সমাজ কল্যাণ বিভাগৰ নিৰ্দশে মৰ্মে বিশ্ব মাতৃ দুগ্ধপান সপ্তাহ পালন কৰিছে অঙ্গনৱাড়ী কৰ্মী সকলে। ছয়দুৱাৰ শিশু সংহত প্ৰকল্পৰ চাৰি নং চক্ৰৰ অঙ্গনবাদী কেন্দ্ৰৰ চুপাৰভাইজাৰ পৰিচালিকা ,সহায়িকাকে ধৰি মহিলা সকলে অংশ গ্ৰহণ কৰে। । যিহেতু আজিৰ শিশু কাইলৈৰ দেশৰ ভৱিষ্যত সেয়ে জন্মৰ পৰা ৬ মাহলৈকে শিশুটিয়ে মাতৃ দুগ্ধ সেৱন কৰাটো অতি বাঞ্ছনীয়। বিশ্ব মাতৃ দুগ্ধপান সপ্তাহৰ লগত সংগতি ৰাখি মাতৃ সকলক সজাগ কৰিবৰ বাবে এই কায্যসূচী হাতত লৈছে, অংগনবাদী কেন্দ্ৰসমূৰ মহিলাসকলে।