সোণাৰিত সতীৰ্থৰ গুলিত নিহত হোৱা আৰক্ষী জুৱানক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

 আজি পুৱা সতীৰ্থৰ গুলিত নিহত হোৱা নৱম আৰক্ষী বেটেলিয়ানৰ জোৱান গকুল বসুমতাৰীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ অন্তত নশ্বৰদেহ সোণাৰি সদৰ আৰক্ষী থানা লৈ অনাৰ পাছত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোৱৰ, চৰাইদেউ জিলা আৰক্ষী অধীক্ষক যুৱৰাজ সিং, সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ আদিৰ উপৰিও জিলা আৰক্ষীৰ শীৰ্ষ বিষয়া সকল উপস্থিত থাকে । শ্ৰৰ্দ্ধাঞ্জলীৰ পাছতে নশ্বৰদেহ নিহত জুৱান জনৰ স্বগৃহলৈ লৈ যোৱা হয় ।