সোণাৰিত কণমানি ছাত্ৰৰ কণ্ঠত জুবিন গাৰ্গৰ গীত ভাইৰেল হৈ পৰিছে। সোণাৰিৰ পাৰ্বতি প্ৰসাদ বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰৰ কণ্ঠত হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এটি গীত এতিয়া ভাইৰেল হৈ পৰিছে। ছাত্ৰ গৰাকীৰ নাম অভিৰাজ বৰগোহাঁই। সোণাৰিস্থিত শিৱসাগৰ জিলা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থীসকলৰ school internship program ৰ সময়ত পৰিৱেশন কৰা মায়া মাথোঁ মায়া গীতটি এতিয়া ভাইৰেল হৈ পৰিছে প্ৰতিগৰাকী নেটিজেনৰ হাতত।