সোণাৰিৰ হেলকাটোপত নৱ বিবাহিতাৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য 

সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰাহীৰ হেলকাটোপত জিমি বৰগোঁহাই(১৯) নামৰ নৱ বিবাহিতা বোৱাৰী এগৰাকী কালি স্বামীগৃহত ৰহস্যজনক ভাৱে অগ্নিদগ্ধ হৈ আজি প্ৰাণত্যাগ কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে শিৱসাগৰৰ শিমলুগুৰি বাম গাওঁৰ জিমি বৰগোঁহাইৰ সোণাৰিৰ হেলেকাটোপৰ বিপ্লৱ দাসৰ সৈতে প্ৰেমৰ সম্পৰ্কৰে আজি ছয় মাহ পূৰ্বে বিবাহ হৈছিল। কিন্তু কালি স্বামী গৃহত ৰহস্যজনক ভাবে গাত জুই লগা বোৱাৰী গৰাকীক পাছত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও তেওঁৰ স্বাস্থ্যৰ অবনতি হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় আৰু আজি চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। মৃতকৰ । ইফালে মৃত মহিলা গৰাকীৰ পৰিয়ালৰ লোকে এই ঘটনাক সহজ ভাবে লব পৰা নাই ।