ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে শুকুৰবাৰে এটা ডাঙৰ ঘোষণা কৰে। টি-২০ বিশ্বকাপ দলত আঘাতপ্ৰাপ্ত যশপ্ৰীত বুমৰাহৰ ঠাইত মহম্মদ ছামীক স্থান দিছে।

বুমৰাহৰ ঠাইত ভাৰতে ছামী, মহম্মদ ছিৰাজ আৰু চাৰ্দুল ঠাকুৰক অষ্ট্ৰেলিয়ালৈ প্ৰেৰণ কৰিছিল। 

কিন্তু অৱশেষত ছামীকে দলত সুযোগ প্ৰদান কৰিলে। 

বিশ্বকাপৰ খেলসমূহ ১৬ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। প্ৰতিযোগিতা খনত ভাৰতৰ প্ৰথমখন খেল ২৩ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে হ’ব।