ডবকাত বন্যহস্তিৰ আক্ৰমনত এগৰাকী আদিবাসী সম্প্ৰদায়ৰ মহিলাৰ মৃত্যু ৷

ডবকাৰ টঙীয়া গাৱত সংগঠিত হৈছে এই ঘটনাটো ৷ 

মৃত মহিলা গৰাকীৰ নাম চুকুমনি গৌড় ৷ 

আনহাতে হোজাইৰ যমুনামুখত দিন দুপৰতে বন্যহস্তিৰ তাণ্ডৱ ৷ 

যমুনামুখৰ চাংজুৰাই গাৱত অৱস্থান কৰিছে ১০০-১৫০ জনীয়া হাতীৰ জাক এটাই ৷ 

চাংজুৰাই গাৱত থকা উৰিয়াম ঘাট ৰিজাৰ্ভত আজি পুৱতি নিশা অৱস্থান কৰেহি হাতীৰ জাকটোৱে ৷ 

দিন দুপৰতে যমুনামুখ-কামপুৰ সংযোগী পথত অৱস্থান কৰিছে হাতীৰ জাকটোৱে ৷ 

এই পথেৰে আহি থকা এখন ই ৰিক্সাক কিদৰে এটা হাতীয়ে আক্ৰমন কৰিবলৈ দৌৰিছে সেই শিহৰনকাৰী দৃশ্য বন্দী হৈছে সাংবাদিকৰ কেমেৰাত ৷ 

কটমপি ৰক্ষা ই ৰিক্সা চালকৰ লগতে আৰোহী ৷ 

আতংকত ভূগীছে চাংজুৰাই গাওঁবাসী, কিয়নো নিশা গাৱত হাতীৰ জাকটোৱে তাণ্ডৱ চলোৱাৰ আকংক্ষা কৰা হৈছে ৷ 

বৰ্তমানলৈকে ঘটনাস্থলিত উপস্থিত হোৱা নাই কামপুৰৰ বনবিভাগ ৷ 

আনহাতে হাতীৰ জাকটো চাবলৈ হেতা উপৰা লগাইছে একাংশ স্থানীয় ৰাইজে ৷