আত্মনিৰ্ভৰশীল কৃষক- আত্ম নিৰ্ভৰশীল অসম
অসম চৰকাৰৰ আঁচনিৰ অধীনত বৃহত্তৰ টংলা/ভেৰগাওঁ অঞ্চলৰ কৃষক ৰাইজৰ সুবিধাৰ্থে টংলা কুকুৰাকাটাৰ পৰা নাতিদুৰত নিৰ্মিত ধানক্ৰয় কেন্দ্ৰটি বি.টি.আৰ.ৰ চীফ সন্মানীয় শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াই আনুষ্ঠানিক ভাবে উদ্ধোধন কৰে । উক্ত অনুষ্ঠানত আমন্ত্ৰণ মৰ্মে উপস্থিত থাকো ।
ধানৰ চৰকাৰী ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগে আগে এই সম্পৰ্কত খেতিয়কসকলৰ মাজত সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু সম্ভাৱ্য খেতিয়কসকলক তেওঁলোকৰ বেংকৰ সবিশেষ তথা স্থানীয় ADOৰ পৰা সংগৃহীত প্ৰমাণপত্ৰসহ পঞ্জীয়ন কৰা হয়। PPC বিষয়াৰ দ্বাৰা পঞ্জীভুক্ত কৃষকসকলক তেওঁলোকৰ ধান PPCলৈ লৈ আহিবলৈ একোটা নিৰ্দিষ্ট তাৰিখ দিয়া হয়। নিৰ্ধাৰিত দিনটোত আৰ্দ্ৰতাৰ পৰিমাণ আৰু অন্যান্য গুণাগুণ নিয়ন্ত্ৰক পৰিমাণসমূহ পৰীক্ষা কৰি চোৱাৰ অন্তত PPCৰ দ্বাৰা ধান ক্ৰয় কৰা হয়। বিক্ৰী কৰা ধানৰ বাবদ একাউণ্ট পেয়ী চেকৰ জৰিয়তে নূন্যতম সমৰ্থিত মূল্যত কৃষকসকলক ধন আদায় দিয়া হয়। ধানভৰ্ত্তি বস্তাবোৰৰ প্ৰতিটোৰ ওজন ৪০ কিলোগ্ৰাম হব লাগে। বৰ্তমান ধানৰ ন্যূনতম সমর্থন মূল্য চমুকৈ MSP বৃদ্ধি কৰা হৈছে। MSP ১,৯৪০ টকাৰ পৰিৱর্তে ২,০৪০ টকা নির্ধাৰণ কৰা হৈছে ।