সদৌ অসম কবি মঞ্চৰ উদ্যোগত এইবেলিৰ পৰা সদৌ অসম ভিত্তিত কাব্যগ্ৰন্থ প্ৰতিযোগিতা আয়োজন কৰিছে৷নিৰ্বাচিত শ্ৰেষ্ঠ কাব্যগ্ৰন্থ খনক সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ বঁটা প্ৰদান কৰিব বুলি জানিব দিছে৷উল্লেখ্য যে উক্ত বঁটাত নগদ ধন,মানপত্ৰ আৰু বঁটা থাকিব৷ইচ্ছুক প্ৰতিযোগী সকলে ৯৪০১৩৬৭৩৮৭,৯১০১৫১৯১৬০,৯১২৭৩১৭১২৬ ফোন নম্বৰত যোগাযোগ কৰি প্ৰ-পত্ৰ সংগ্ৰহ কৰিব লাগিব আৰু প্ৰ-পত্ৰ পূৰণ কৰি ২০২১-২২ বৰ্ষত প্ৰকাশিত নিজৰ কাব্যগ্ৰন্থৰ দুটা কপি প্ৰ-পত্ৰত উল্লেখ থকা ঠিকনালৈ অহা ১৫ ডিচেম্বৰ ২০২২ৰ ভিতৰত পঠাব লাগিব৷মনকৰিবলগীয়া কথা যে সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ এজন বিশিষ্ট সমাজসেৱক৷সকলো মানুহৰে সুখ দুখৰ সমভাগী হৈ ৰাইজৰ মাজত জনপ্ৰিয় হোৱা ব্যক্তি৷চৰকাৰী দায়িত্বশীল পদপীত উপবিষ্ট এই গৰাকী লোকে সকলো সামাজিক,আধ্যাত্মিক আদি অনুষ্ঠান প্ৰতিষ্ঠানত সহায়ৰ হাত আগবঢ়াই অহাৰ লগতে আৰ্তজনক বিভিন্ন প্ৰকাৰে সহায় কৰি সকলো ৰাইজৰ প্ৰিয়ভাজন হৈ পৰিছে৷তেওঁৰ ৰাজহুৱা কৰ্মৰাজিৰ স্বীকৃতি হিচাবে কামৰূপ জিলা সাহিত্য সভাই সমাজৰত্ন বঁটাৰে বিভূষিত কৰিছে৷ইয়াৰোপৰি হাজোৰ লগতে ৰাজ্যৰ কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানেে বিভিন্ন বিভূষণৰে অলংকৃত কৰি সমাজসেৱক গৰাকীক সন্মানিত কৰিছে৷এই গৰাকী সমাজৰত্ন নামৰে এইবেলি সদৌ অসম কবি মঞ্চই কাব্যগ্ৰন্থৰ বঁটা প্ৰদান কৰিব লোৱাটো সচাকৈয়ে প্ৰসংশাৰ কাম বুলি সচেতন মহলে মত পোষণ কৰিছে৷৷ইয়াৰোপৰি কবি মঞ্চই পৰ্য্যায়ক্ৰমে বছৰৰ শ্ৰেষ্ঠ প্ৰৱন্ধ গ্ৰন্থ আৰু শ্ৰেষ্ঠ গল্প গ্ৰন্থৰো প্ৰতিযোগিতা অনুষ্ঠিত কৰিব বুলি সদৌ অসম কবি মঞ্চৰ এটি সুত্ৰত প্ৰকাশ কৰিছে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હાથબ ગામેથી ઈંગ્લીશ દારૂની બોટલ સાથે શખ્સ ઝડપાયો
હાથબ ગામેથી ઈંગ્લીશ દારૂની બોટલ સાથે શખ્સ ઝડપાયો
আন এক ৰূপত অসম আৰক্ষী
এইবাৰ আন এক ৰূপত বৰপথাৰ আৰক্ষী।
মহাপুৰুষজনাৰ অনুপম সৃষ্টি অংকীয়া নাট...
ચૂંટણીનું ગણિત IPS અધિકારીઓની બદલી, જાણો તમારા વિસ્તારમાં કયા IPS અધિકારી મુકાયા | IPS Transfer
ચૂંટણીનું ગણિત IPS અધિકારીઓની બદલી, જાણો તમારા વિસ્તારમાં કયા IPS અધિકારી મુકાયા | IPS Transfer
AIIMSમાં કોરોના દરમિયાન ઓપ્થેલ્મોલોજી સેન્ટરમાં છેતરપિંડી, EDએ 3.68 કરોડની સંપત્તિ જપ્ત કરી
એન્ફોર્સમેન્ટ ડિરેક્ટોરેટ (ED) એ મંગળવારે જણાવ્યું હતું કે તેણે કોવિડ-19 ફાટી નીકળ્યા દરમિયાન...
মৰিগাঁও জিলা দিৱসৰ বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে অজস্ৰজনক
মৰিগাঁও জিলা দিৱসৰ বিশাল বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে অজস্ৰজনক । একপ্ৰকাৰ জনসমুদ্ৰত...