দৰঙৰ ৰাজঘাট নন্দন কানন বিদ্যা নিকেতনত গ্ৰন্থ উন্মোচন, বঁটা প্ৰদান আৰু বিশেষ সম্বৰ্দ্ধনা সভা সম্পন্ন

"সমালোচনা কৰাটো সহজ কাম, গঠনমূলক চিন্তাৰে বিষয়বোৰ আগুৱাই নিয়াতো বৰ জটিল-- সাংবাদিক দীপক শৰ্মা

"সমালোচনা কৰাটো সহজ কাম, গঠনমূলক চিন্তাৰে বিষয়বোৰ আগুৱাই নিয়াতো বৰ জটিল" -দেওমৰনৈৰ ৰাজঘাটত এই মন্তব্য সাংবাদিক দীপক শৰ্মাৰ। ৰাজঘাট নন্দন কানন বিদ্যা নিকেতনত যোৱা ২৭ নৱেম্বৰত গ্ৰন্থ উন্মোচন, বঁটা প্ৰদান আৰু বিশেষ সম্বৰ্দ্ধনা সভাত "আজিৰ কবিতা"ৰ হেমন্ত-শীত বিশেষ সংখ্যাটিৰ উন্মোচক হিচাপে অংশগ্ৰহণ কৰি বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক তথা সাংবাদিক দীপক শৰ্মাই আৰু কয় --- "কবি-সাহিত্যিকে সমাজ পৰিবৰ্তন কৰিব পাৰে । কবি-গীতিকাৰ-সাহিত্যিকৰ কলমত সমাজ জীৱনৰ চিত্ৰ প্ৰকাশ পাব লাগে । সাহিত্যিকৰ অন্তৰবোৰ স্বচ্ছ - নিকা হোৱাটো বৰ জৰুৰী । নতুন প্ৰজন্মৰ কবি- লেখকসকলক জ্যেষ্ঠসকলে মৰমৰ আপডালেৰে আগুৱাই নিব লাগে । দিনৰ ১০ বজাত আজিৰ কবিতাৰ মুখ্য সম্পাদক ড০ ভৱেশ দাসৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভা উদ্ধোধন কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই কয়-- "কবিতাই হওক বা সংস্কৃতি চৰ্চা কৰি থকা সকলেই হওক তেওঁলোকৰ সমাজখনৰ প্ৰতি অনেক দায়িত্ব আৰু কৰণীয় আছে । মাতৃভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সাহিত্যিক- শিল্পীসকলৰ কৰ্তব্য মনকৰিবলগীয়া ধৰণৰ ।" বত্ৰিশ বৰ্ষত পদাৰ্পণ কৰা কবিতা বিষয়ক পত্ৰিকা "মেজাংকৰি" নামৰ বিষ্ণু ৰাভা বিশেষ পত্ৰিকা উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তৰুণ আজাদ ডেকাই । গৌতম মালাকৰৰ কবিতা পুথি "জীৱন বীণাৰ বৰ্ণিল সুৰ" উন্মোচন কৰে দৰং জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড০ মোহিনী গোস্বামীয়ে । আজিৰ কবিতাৰ সম্পাদক বিনয় চলিহাই আঁত ধৰা সভাত বিশিষ্টা লেখিকা ড০ মঞ্জু দেৱী পেগু, প্ৰবীণ কবি ডা: কমলাকান্ত শৰ্মা , লোক-সংস্কৃতিবিদ তৰুণ আজাদ ডেকা আৰু অসম ৰাষ্ট্ৰভাষা প্ৰচাৰ সমিতিৰ কাৰ্যাধ্যক্ষ ভাৰত ভূষণ মহন্তক "জীবন জোৰা সাধনা" সন্মানেৰে সন্মানিত কৰা হয়। নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মীন্দ্ৰ সিংহ, ওদালগুৰি জিলা বড়ো সাহিত্য সভাৰ সম্পাদক পিতাৰ গৌৰা খুংগুৰ দৈমাৰী, অসম পৰ্যটন নিগমৰ সঞ্চালক ড০ হৃদয় ৰঞ্জন দাস, দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামী, ড০ চহিৰ ভূঞা, সুৰেণ বসুমতাৰী, ডা: মৃন্ময় কুমাৰ নাথ, ৰণজিত বুঢ়াগোহাঁই,ঘন হাজৰিকা, শাশ্বতী শৰ্মা, দৰং জিলা কবি সন্মিলনৰ সভাপতি প্ৰফুল্ল দেৱ শৰ্মা, অধ্যাপিকা অনিতা দেৱীয়ে অতিথি হিচাপে অংশ গ্ৰহণ কৰা সভাত দৰং-ওদালগুৰি জিলাৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰায় একুৰি লোকক সম্বৰ্ধনা জনোৱা হয় । আবেলি কবি হৰেন্দ্ৰ ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত "হেমন্তৰ উমাল ৰ'দালিত কবিতা, গীত-মাত-কথাৰে এদিন"শীৰ্ষক কাব্যানুষ্ঠান উদ্ধোধন কৰে সাহিত্য সমালোচক ৰুদ্ৰ সিং মটকে । সভাত পৰ্যালোচক হিচাপে অংশ লয় কবি হৰেন্দ্ৰ কেওটে । ইয়াৰ আগতে পুৱাৰ ভাগত বন্তি প্ৰজ্বলন কৰি বৰ্ণাঢ়্য কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যা নিকেতনৰ অধ্যক্ষ তিলক চন্দ্ৰ শৰ্মাই। পতাকা উত্তোলন কৰে ক্ৰমে বিদ্যা নিকেতনৰ সভাপতি চামছুল হক হুদা আৰু আজিৰ কবিতাৰ সম্পাদক বিনয় চলিহাই