এজন পুত্ৰৰ পিতৃস্নেহ। পিতৃৰ স্মৃতি সমাজৰ আগত সজীৱ কৰি লক্ষ্যৰে টিংখাঙৰ এজন সু-পুত্ৰই পিতৃৰ নামত এখন বিদ্যালয়লৈ আগবঢ়াইছে এটা ডিজিটেল শ্ৰেণীকক্ষ। উল্লেখযোগ্য যে টিংখাঙৰ ঔফুলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ বাবে অভাৱ আছিল এটা ডিজিটেল শ্ৰেণীকোঠাৰ। ছাত্ৰ-ছাত্ৰীৰ সেই অভাৱৰ কথা অৱগত হৈ চৰকাৰী অনুদানৰ বাবে অপেক্ষা নকৰি নিজৰ গাঁঠিৰ ধন খৰচ কৰি বিদ্যালয়খনলৈ এটা ডিজিটেল কক্ষ আগবঢ়াই এজন সু-নাগৰিকৰ পৰিচয় দিছে টিংখাং ঔফুলীয়াৰ মদন হাজৰিকা নামৰ উদ্যোগি ব্যক্তিজনে। আৰু এই বিশেষ শ্ৰেণীকোঠাটো উচৰ্গা কৰিছে নিজ পিতৃ প্ৰয়াত টেপুৰাম হাজৰিকাৰ নামত। বৃহস্পতিবাৰে এই ডিজিটেল শ্ৰেণী কোঠাৰ আধাশিলা স্থাপন কৰে টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাই। স্বৰ্গীয় টেপুৰাম হাজৰিকাৰ স্মৃতিত পুত্ৰ মদন হাজৰিকাই দান কৰা শ্ৰেণী কোঠাটোৰ আধাশিলা অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভাও অনুষ্ঠিত হয় । সভাখনত মন্ত্ৰী বৰাই ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰী সকলক অধ্যয়নৰ প্ৰতি মনোযোগ দিবলৈ আহ্বান জনায় । মন্ত্ৰীজনে ছাত্ৰ-ছাত্ৰী সকলক মঞ্চৰ কাষলৈ মাতি আনি পঢ়াৰ লগতে জীৱন বাটত আগবাঢ়ি যাব পৰা বহু ধৰণৰ নীতি-শিক্ষা প্ৰদান কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
चंबल ढिबरी गांव में युवक को कोबरा सांप ने काटा हुई मौत पुलिस ने करवाया पोस्टमार्टम
चंबल ढिबरी गांव में युवक को कोबरा सांप ने काटा हुई मौत पुलिस ने करवाया पोस्टमार्टम
Bhopal News: कल MP में होगी सौगातों की बौछार, Home Minister Amit Shah देंगे विकास को तेज गति
Bhopal News: कल MP में होगी सौगातों की बौछार, Home Minister Amit Shah देंगे विकास को तेज गति
Bombay Stock Exchange में Muhurat Trading शुरू होते ही Sensex 366 अंक ऊपर गया
Bombay Stock Exchange में Muhurat Trading शुरू होते ही Sensex 366 अंक ऊपर गया
कर्नाटक में अल्पसंख्यकों के लिए फिर से शुरू किए जाएंगे कार्यक्रम, मुख्यमंत्री सिद्धारमैया ने किया वादा
बेंगलुरु, कर्नाटक के मुख्यमंत्री सिद्धारमैया ने अल्पसंख्यकों के लिए बड़ी घोषणा की। सीएम...
हाई सिक्योरिटी नंबर प्लेट को लेकर आया बड़ा अपडेट, खाचरियावास ने डिप्टी CM को दी ये सलाह
राजस्थान में हाई सिक्योरिटी नंबर प्लेट पर पूर्व परिवहन मंत्री प्रताप सिंह खाचरियावास ने परिवहन...