কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত বাৰাংহাটী চকীৰবড়ীৰ যুৱক অলকেশ কলিতা(১৭) দেওবাৰে নিশা চেন্নাই এপলো হস্পিতালত চিকিৎসাধীন অবস্থাত মৃত্যু হয়৷বহুদিনৰ পৰা মাৰাত্মক ৰোগত আক্ৰান্ত অলকেশৰ চিকিৎসাৰ নামত সৰ্বশ্ৰান্ত হৈ পৰিছে৷সাধাৰণ ভাবে তা-তৰকাৰীৰ ব্যৱসায় কৰা পিতৃৰ একমাত্ৰ সন্তান অলকেশৰ মৃত্যুৰ বাতৰিয়ে সকলোকে শোকস্তব্ধ কৰি তুলিছে৷ আজি তেওঁৰ মৃতদেহ নিজগৃহ আহি পোৱাত শোকত ভাঙি পৰিছিল পিতৃমাতৃকে ধৰি অঞ্চলবাসী ৰাইজ৷

Sponsored

कृष्णा हाइट्स - कोटा

कृष्णा हाइट्स की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

তেওঁৰ মৃত্যুত পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থা,বাৰাংহাটী সূূদৰ্শন ক্লাৱ, উত্তৰ হাজো জ্যেষ্ঠ নাগৰিক মঞ্চ, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি ভৱজ্যোতি ডেকা,এমট্ৰনৰ উপ প্ৰৱন্ধক দীনমণি ভাণ্ডাৰ কায়স্থ, উত্তৰ হাজো বিজেপি যুৱ মঞ্চৰ সভাপতি বসন্ত কলিতা আদিকৰি অসংখ্য ব্যক্তি তথা দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জনাই৷