নাজিৰাত সঘনাই সংঘটিত হৈছে চুৰৰ চাফাই অভিযান, নিতৌ কেৱল দুচকীয়া আৰু চাৰি চকীয়া যান বাহনৰ নথি পৰীক্ষা কৰি জৰিমনা বিহাতহে ব্যস্ত নাজিৰাৰ আৰক্ষী ।

বিগত কিছু মাহ ধৰি নাজিৰা মহকুমাৰ অন্তৰ্গত বিভিন্ন স্থানত সঘনাই সংঘটিত হৈছে চুৰিৰ ঘটনা। শেহতীয়াকৈ নাজিৰা দুই নং ৱাৰ্ডত নিশা সংঘটিত হয় চুৰিৰ ঘটনা।চোৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ গা -ধোৱা ঘৰৰ ভেণ্টিলেটৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি আলমাৰিৰ তলা ভাঙি লুটি নিয়ে বহু মূল্যৱান সোণৰ আ-অলংকাৰ, ইলেকট্ৰনিক সামগ্ৰী,মূল্যৱান কাপোৰ-কানিৰ লগতে ঘৰৰ বহু মূল্যৱান সা-সামগ্ৰী চুৰ কৰি নিয়ে।চুৰি ঘটনা সংঘটিত কৰিবলৈ আহোতে চোৰে লগত লৈ আহিছিল কিছু চুৰিৰ কাৰ্য্যত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ, চুৰি ঘটনা সংঘটিত কৰিয়েই চোৰে ঘটনাস্থলীতেই এৰি থৈ যায় সেইসমূহ সামগ্ৰী।

যোৱা কালি ঘৰৰ লোক আহিহে উমান পায় এই চুৰি ঘটনা সংঘটিত হোৱাৰ কথা, ঘৰৰ লাগতিয়াল নথি পত্ৰ ফালি নষ্ট কৰাৰ লগতে লণ্ড-ভণ্ড কৰি থৈ যায় ঘৰৰ প্ৰায়বোৰ সা-সামগ্ৰী । আশ্চৰ্য্যৰ বিষয় যে চোৰে গেছ জ্বলাই খাই যায় চাহ। নাজিৰা দুই নং ৱাৰ্ডৰ কালিপ্ৰসাদ ৰেড্ডীৰ ঘৰত সংঘটিত হৈছে এই চুৰিৰ ঘটনা।

নাজিৰাৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হ'ব ধৰিছে চুৰিৰ ঘটনা,কিন্তু চোৰ ধৰাত প্ৰতিবাৰে ব্যৰ্থ নাজিৰা আদৰ্শ আৰক্ষী থানা । প্ৰতিদিনে দিনটোৰ অধিক সময় নাজিৰাৰ বিভিন্ন স্থানত কেৱল দুচকীয়া আৰু চাৰি চকীয়া যান বাহনৰ নথি পৰীক্ষা কৰি লগতে চিট বেল্ট নমৰা আৰু হেলমেট নিপিন্ধা লোকক জৰিমনা বিহাতহে ব্যস্ত থাকে নাজিৰাৰ আৰক্ষী । নিশাৰ ভাগতো যদি তেনে তৎপৰতা দেখিবলৈ পোৱা যায় তেতিয়া নিশ্চয় নাজিৰাবাসীয়ে শান্তিত নিশা শুব পাৰিব লগতে সঘনাই সংঘটিত হোৱা চুৰিৰ ঘটনা কিছু কমিব।