ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলাৰ মুখ্য কাৰ্য্যালয়ত আজি ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু ৰাজ্যিক উপসভাপতি অজয় ৰাজকোঁৱৰ উপস্থিতিত এখন বিশেষ গুৰুত্ব্পূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়।

সভাখন সভাপতিত্ব কৰে চৰাইদেউ জিলা সভাপতি লক্ষ্মীনাথ তাছা লগতে উপস্থিত থাকে সোনাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা প্ৰভাৰী বিনীতা শইকীয়া, জিলাৰ সাধাৰণ সম্পাদক অজন্ত বৰুৱা, মণ্ডলৰ বিষয় ববীয়া সকল, যুৱমৰ্চাৰ বিষয় ববীয়া সকল, মহিলা মৰ্চাৰ বিষয় ববীয়া সকল আৰু লগতে জিলাৰ জেষ্ঠ কাৰ্য্যকৰ্তা সকল।