তথ্য চিত্ৰ "ঢকুৱাখনাৰ ৰেঙণি"ৰ প্ৰদৰ্শন
সমগ্ৰ দেশৰ লগতে ঢকুৱাখনাতো মহকুমা প্ৰশাসনৰ উদ্যোগত ১৯ নৱেম্বৰৰ পৰা ২৪ নৱেম্বৰলৈ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী পালন কৰা বিভিন্ন কাৰ্যসূচীৰে।বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনা মহকুমা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত সম্পন্ন হৈ যায়।
অনুষ্ঠানৰ আৰম্ভণিতে বীৰ লাচিত বৰফুকনৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ঢকুৱাখনাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই। ইয়াৰ পিছতেই এটি সমবেত সংগীতেৰে সভাৰ আৰম্ভণি ঘটোৱা হয়।অনুষ্ঠানত প্ৰথমেই বীৰ লাচিত বৰফুকনৰ সৌৰ্য-বীৰ্যৰ ইতিহাস সন্দৰ্ভত ঢকুৱাখনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক মনোৰঞ্জন বৰদলৈয়ে নিৰ্দিষ্ট বক্তাৰূপে আলোকপাত আগবঢ়াই।ইয়াৰ পিছত ঘিলামৰাৰ নৰ্থবেংক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষাৰ্থীসকলে তাই আহোমৰ লোক নৃত্য-লাই লুং খ্যাম প্ৰদৰ্শন কৰি অনুষ্ঠানত উপস্থিত সকলো ৰাইজকে মুগ্ধ কৰে। ইফালে লখিমপুৰ জিলাৰ ৫০ বৰ্ষ পূৰ্তি উপলক্ষে ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত ৰাজীৱ বৰুৱাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মাণ কৰা ঢকুৱাখনাৰ পুৰণি ইতিহাস সমৃদ্ধ এখনি তথ্যচিত্ৰ-"ঢকুৱাখনাৰ ৰেঙণি"ৰ প্ৰথম প্ৰদৰ্শনী আগবঢ়োৱা হয়। ইয়াৰ লগতে হেমন্ত কুমাৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত একে নামৰ এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়।
"ঢকুৱাখনাৰ ৰেঙণি" স্মৃতিগ্ৰন্থ খনি উন্মোচন কৰে বিশিষ্ট লেখক ড০ কেশৱ হাজৰিকাই। ঢকুৱাখনাৰ অতীত বৰ্তমান আৰু ভৱিষ্যত সন্দৰ্ভত আলোকপাত কৰি অধ্যাপক সেৱক চুতীয়াই বক্তব্য আগবঢ়াই আমন্ত্ৰিত বক্তাৰূপে।ইয়াৰ পিছতেই বীৰ লাচিত বৰফুকনৰ সৌৰ্য-বীৰ্যৰ ওপৰত আধাৰিত এখনি চুটি নাটক-"মই লাচিতে কৈছোঁ"প্ৰদৰ্শন কৰে ঢকুৱাখনা নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে।এই অনুষ্ঠানত ঢকুৱাখনাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাৰ লগতে-পূৰ্ণানন্দ গগৈ,চেনীৰাম বৰুৱা, দিগেন্দ্ৰনাথ হাজৰিকা,বসন্ত শইকীয়া,প্ৰদীপ চমুৱা, হেমন্ত গগৈ,সুনীল দলেকে আদি কৰি ঢকুৱাখনাৰ বহু বিশিষ্ট ব্যক্তি,জেষ্ঠ নাগৰিক আৰু ঢকুৱাখনাৰ ভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু ঢকুৱাখানাৰ বিভিন্ন গাঁৱৰ স্থানীয় ৰাইজ অংশ গ্ৰহণ কৰে।