সমগ্ৰ অসমৰ লগতে আজি নাজিৰাতো পৌৰ নিকায় কৰ্মচাৰী সকলে ১২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট - ধৰ্ণাৰে উত্তাল কৰি তোলে নাজিৰা পৌৰসভাৰ কাৰ্যালয় চৌহদ। সূদীৰ্ঘ ২০ মাহে পৌৰ কৰ্মচাৰী সকলে প্ৰাপ্য বেতনৰ পৰা বঞ্চিত কৰি থৈ চৰকাৰে পৌৰ কৰ্মচাৰী - পৰিয়ালক এক প্ৰকাৰে ৰাজপথত জোলোঙা ল'বলৈ বাধ্য কৰাৰ পৰিস্থিতি সৃষ্টি কৰাৰ তীব্ৰ প্ৰতিবাদ জনাই নাজিৰা পৌৰ কৰ্মচাৰী সকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

তাৰোপৰি পৌৰ কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ, হৰিজন আৰু চাফাই কৰ্মচাৰীৰ ফিক্স পে আৰু ঠিকাভিত্তিত নিয়োজিত কৰ্মচাৰী সকলক চাকৰি নিয়মীয়াকৰণ আৰু ৰাজ্য চৰকাৰৰ অন্যান্য বিভাগৰ কৰ্মচাৰীৰ সমমৰ্যদাৰে প্ৰতিমাহে নিয়মীয়াকৈ দৰমহা আদায় দিয়া, অৱসৰপ্ৰাপ্ত পৌৰ কৰ্মচাৰীৰ অনাদায় দৰমহা, গ্ৰেইচুটি, লিভ চেলাৰী আৰু অন্যান্য সা - সুবিধা আদয়ৰ বাবে বিশেষ পুজি আৱণ্ট দিয়া আদিকে ধৰি ৮ দফীয়া দাবী কাৰ্যকৰী কৰিবৰ বাবে অসম চৰকাৰৰ পৌৰ নিকায় মন্ত্ৰী, বিত্ত মন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ বিগত সময়ত স্মাৰক পত্ৰ প্ৰদান আৰু ন্যাৰ্য প্ৰাপ্য আদায়ৰ দাবীত বহু বাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি অহাৰ পিছতো চৰকাৰী পক্ষই আজি পৰ্যন্ত দাবীৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

ইয়াৰ প্ৰতিবাদ জনাই আজি সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে নাজিৰাতো পৌৰ কৰ্মচাৰী সকলে ১২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে । ইয়াৰ পিছতো চৰকাৰে দাবী কাৰ্যকৰী নকৰিলে অধিক তীব্ৰ গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে।