গোলাঘাট জিলাৰ নুমলীগড়ৰ যুৱ সাংবাদিক তথা মৰঙি প্ৰেছ ক্লাৱৰ সাংগঠনিক সম্পাদক অসীমজ্যোতি বৰাৰ সৰ্প দংশনৰ ফলত অকাল মৃত্যুয়ে শোকস্তব্ধ কৰি তুলিছে সকলোকে। কালি গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰা সাংবাদিক গৰাকীৰ নশ্বৰ দেহ কালি নিশা নুমলীগড়লৈ অনা হয়।

আজি মৰঙি প্ৰেছ ক্লাৱৰ উদ্যোগত তেলগৰম ৰংগমঞ্চত আয়োজিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত অজস্ৰ গুণমুগ্ধই তেওঁলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ সংবাদসেৱাৰ সমান্তৰালভাৱে ৰাইজৰ সেৱাত ব্ৰতী অসীমজ্যোতি বৰা নুমলীগড়, মৰঙি অঞ্চলৰ সকলো সাহিত্য,সংস্কৃতিকে ধৰি সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ সতে তেওঁৰ আছিল এক নিবিড় সম্পৰ্ক।সাংবাদিক প্ৰিয়ংদীপ কাকতিয়ে আঁত ধৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলিত ৷

বৰাৰ অকাল মৃত্যুত নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ, ভিকে এন আৰ এল চিকিৎসালয় কৰ্তৃপক্ষ, আপকুৰ গোলাঘাট জিলা সমিতি, বোকাখাত মহকুমা সাংবাদিক সংস্থা, কামাৰগাঁও সাংবাদিক সন্থা, মৰঙি প্ৰেছ ক্লাব, কমাৰগাঁও প্ৰেছ ক্লাব, নুমলিগড় সাংবাদিক সন্থা, সদৌ অসম ছাত্ৰ সন্থাৰ মৰঙি আঞ্চলিক সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ , গোৰ্খা ছাত্ৰ সন্থা, আটছা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মৰঙি শাখা, অসম সাহিত্য সভাৰ কালীয়নি ,মৰঙি, দৈগ্ৰোং আৰু নুমলীগড় শাখাকে ধৰি শতাধিক দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি সাংবাদিক গৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ৩২ বছৰীয়া অসীমজ্যোতি বৰাই মৃত্যুৰ সময়ত পত্নী সহ ডেৰ বছৰীয়া এটি কন্যা সন্তানৰ লগতে দুজন ভ্ৰাতৃ আৰু পিতৃৰ লগতে অলেখ গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ গৈছে৷

প্ৰয়াত অসীমজ্যোতি বৰাৰ অন্ত্যেষ্টিক্ৰিয়া অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত লবণঘাট ৰাজহুৱা শ্মশানত আজি সম্পন্ন কৰা হয় ৷ উল্লেখযোগ্য যে সাংবাদিক গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানতো অগণন লোকে অংশগ্ৰহণ কৰি তেওঁক শেষ বিদায় জনায়।