মডেলিঙৰ পথাৰত সফলতাৰে খোজ পেলাইছে ঘিলামৰাৰ এই গৰাকী শিশুৱে

অলপতে ধেমাজি পদ্মা প্ৰডাক্সনৰ বেনাৰত নৰ্থ ইষ্ট ভিত্তিত ধেমাজি পাৱলিক অডিটেৰিয়ামত অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট কিং এণ্ড কুইন প্ৰতিযোগিতা চিজন- ৩ ৰ শিশু শাখাত প্ৰায় পঞ্চাশ গৰাকী প্ৰতিযোগীক চেৰ পেলাই ঘিলামৰাৰ এই গৰাকী কণমানি আৰৱ বৰুৱাই ফাৰ্ষ্ট ৰানাৰ আপ হৈ ঘিলামৰালৈ গৌৰৱ কঢ়িয়াই আনিছে।

নিজ বিদ্যালয় পৰ্যায়ৰ পৰা আগুৱাই গৈ প্ৰথম বাৰ বাবে  এনেদৰে এখন বহল মঞ্চত খিতাপ দখল কৰিব পাৰি সুখী হৈছে শিশু গৰাকীৰ লগতে আত্মীয়।

আগলৈ এনেদৰে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আগুৱাই যোৱাৰ ইচ্ছা ৰাখিছে আৰৱে  বৰুৱা ।