অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, দেওমৰনৈ আঞ্চলিক সমিতিৰ দ্বি-বাৰ্ষিক অধিবেশনখনি বালিপোতা শাখা সমিতিৰ সহযোগত উন্নৈশ নৱেম্বৰত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ সেই উপলক্ষে পুৱা পৰিষদৰ দেওমৰনৈ আঞ্চলিক সমিতিৰ সভাপতি কমলা ডেকাই পৰিষদৰ পতাকা উত্তোলন কৰাৰ পিছতে বন্তি প্ৰজ্বলন কৰে যুৱ সমাজকৰ্মী ধনমনি শইকীয়াই, স্মৃতি তৰ্পণ কৰে পৰিষদৰ দেওমৰনৈ আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক বিপুল কুমাৰ নাথে আৰু গছপুলি ৰোপণ কৰে বালিপোতা গাঁৱৰ গাওঁ প্ৰধান যতীন চন্দ্ৰ নাথ আৰু পাৰিয়াপাৰা গাঁৱৰ গাওঁ প্ৰধান সুনীল ডেকাই। দিনৰ ১২-০০ বজাত অনুষ্ঠিত হয় সম্বৰ্ধনা সভা। পৰিষদৰ দেওমৰনৈ আঞ্চলিক সমিতিৰ সভাপতি কমলা ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সম্বৰ্ধনা সভা উদ্বোধন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, দৰং জিলা সমিতিৰ উপদেষ্টা নৱজিৎ শৰ্মাই। পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি দিগন্ত ডেকা, জিলাৰ যুটীয়া সম্পাদক নৃপেন চহৰীয়া, সাংগঠনিক সম্পাদক নাৰায়ণ ডেকা, সমাজসেৱা বিভাগৰ সম্পাদক ত্ৰৈলোক্য শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য দীনেশ বনিয়াই অংশগ্ৰহণ কৰা সভাত বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা বিনা বেতনে অৱসৰ গ্ৰহণ কৰা শিক্ষক উপেন্দ্ৰ শৰ্মা আৰু বিশিষ্ট সমাজকৰ্মী ধৰণীধৰ নাথক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আনহাতে উক্ত সভাতেই কমলা ডেকাক সভাপতি আৰু বিপুল কুমাৰ নাথক সাধাৰণ সম্পাদক হিচাপে লৈ দেওমৰনৈ আঞ্চলিক সমিতিখন গঠন কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
NEET और UGC-NET परीक्षा के मुद्दे पर दिल्ली में छात्र संगठनों का जमकर हंगामा, हिरासत में लिए गए कई प्रदर्शनकारी
नई दिल्ली। विभिन्न छात्र संगठनों के कार्यकर्ताओं ने दिल्ली में आज जमकर प्रदर्शन और नारेबाजी...
મુંગા પશુઓ માં રસીકરણ ની માંગ કરતા રાજુલા તાલુકા ના અડીખમ અને નિષ્ઠાવાન આગેવાન ભાઇશ્રી કનુભાઈ દુધરેજીયા.
શ્રી દુધરેજીયા દ્ધારા રાજુલાના પ્રાત અધીકારીશ્રી ને મુંગા પશુઓમાં રસીકરણ કરવા નીમાંગ કરતા...
અકસ્માતની ધટના નો cctv થયો વાયરલ..
ડ્રાઈવર વગરના ટ્રેકટરે સર્જ્યો અકસ્માત..
પેટ્રોલ પમ્પ માં લાગેલા cctv માં ઘટના થઈ કેદ.....
মথুৰাপুৰত মা দুৰ্গাৰ আশীষ ললে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
আজি মহাষ্টমী । আজি পুৱাৰেপৰা ভক্ত মাজত দেখা গৈছে ব্যাপক উৎসাহ । পূজাস্থলী সমূহত ৰাতিপুৱাই...