সোণাৰিত লাচিতৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন

লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উপলক্ষে আজি সোণাৰি বীৰ গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। সোণাৰি বৰ পুখুৰীৰ পাৰত লাচিত উদ্যানত অৱস্থিত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত আজি পুৱা মাল্যৰপণ আৰু বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাই।  অনুষ্ঠানত উপস্থিত থকা চৰাইদেউ জিলা প্ৰশাসন, জিলা আৰক্ষী প্ৰশাসনৰ বিষয়া, পৌৰ সদস্য আৰু স্থানীয় ৰাইজে লাচিত বৰফুকনৰ প্ৰতি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে